কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমদূৰত্বxo.mo.du.rot.toProper Adj.
At a distances equal from a point of interest.
- সমদ্বিবাহুsamadbibāhuAdjective
দুটা সমান বাহু থকা (ত্ৰিভূজ)
having two equal sides; equilateral
- সমদৰ্শীsamadarśīAdjective
সকলোকে সমান দেখা; অপক্ষপাতী; . বি. সমদৰ্শিতা; বি. সমদৱষ্টি সমভাব
impartial ; impartiality
- সমধিকsamadhikaAdjective
অনেক অধিক
very much; very many
- সমনীয়াsamanīẏāAdjective
একে বা সমান বয়সৰ বা শ্ৰেণীৰ
of an equal rank or age
- সমন্বিতxo.mon.nitVerbal Adj.
দুটা বা ততোধিক প্ৰক্ৰিয়া, মানুহ, বস্তু অথবা ঘটনাৰ মাজত সম্বন্ধ থকা|
Having a link between two or more systems, persons, objects, events etc.
- সমন্বয়কxo.mo.nwo.yokVerbal Adj.
যি সমন্বয় সাধন কৰে, অৰ্থাত্ (বিভিন্ন উপাদানৰ) মাজত যোগাযোগ স্থাপন কৰি একত্ৰ কৰে
a person who coordinates, i.e. organizes or integrates (diverse elements) in a harmonious operation
- সমপৰ্য্যায়Proper Adj.
সমান গুণ বা বল সম্পন্ন
having comparabale merit / ablity (when two competing agents are compared)
- সমবাহুsamabāhuAdjective
তিনিটা সমান বাহু থকা (ত্ৰিভুজ)
equilateral
- সমবেতsamabetaAdjective
সম্মিলিত; একেলগে উপস্হিত।
- সমব্যথীxo.mo.byo.thiProper Adj.
আনৰ সুখ-দুখত পীড়া অনুভৱ কৰোঁতা|
to sympathy or relating to the sympathetic nervous system.
- সমবয়সীxo.mo.boyo.xiProper Adj.
প্ৰায় একে সমান বয়সৰ ব্যক্তি ।
A person of nearly the same age as another.
- সমবয়সীয়াxo.mo.boyo.xiyaProper Adj.
প্ৰায় একে সমান বয়সৰ ব্যক্তি ।
A person of nearly the same age as another.
- সমবয়স্কsamabaẏaskaAdjective
সমান বয়সৰ। স্ত্ৰী. সমবয়সী।
- সমভাগীxo.mo.bha.giProper Adj.
নিঃস্বাৰ্থভাৱে আনৰ সৈতে ভাগ-বাটোৱাৰা কৰিবলৈ ইচ্ছুক
unselfishly willing to share with others
- সমভাবাপন্নxo.mo.bha.ba.pon.noAdjective Adj.
একে ধৰণৰ চিন্তা কৰা বা ৰুচিবোধ, আগ্ৰহ থকা৷
having the same way of thinking or sharing similar ideas, interests etc.
- সমভাৱাপন্নxo.mo.bha.ba.pon.noProper Adj.
একে মনোভাৱ বা মন্তব্য ধাৰণ কৰা
being of the same opinion
- সমভাৱাসম্পন্নxo.mo.bha.ba.xom.pon.noProper Adj.
(OF PEOPLE) HAVING THE SAME TASTE
- সমমাত্ৰিকxo.mo.mat.rikProper Adj.
এনে গুণ সম্পন্ন যে সংশ্লিষ্ট সকলো উপাদানেই একে
Having the property that all constituent elements are the same
- সমমিতxo.mo.mitProper Adj.
পৰস্পৰে মুখামুখিকৈ থকা সম্পূৰ্ণ একে অংশ
Repetition of exactly similar parts facing each other or a centre