কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাবেৰিবাংbāberibāmAdjective
নানা ঠাই বা ৰকমৰ (নিন্দাত)
consisting or composing of mean miscellaneous things
- বামbāmaAdjective
ওখ আৰু পানীত তল নোযোবা (মাটি)
high, so as not liable to be inundated
- বামগতীয়াbāmagatīẏāAdjective
বাম ঠাইত থকা বা উৎপন্ন হোবা
living in or produced on high land
- বামবটীয়াAdjective
বামে বা বাম বাটে যোবা
travelling by land
- বামাচাৰীAdjective
উক্ত আচাৰত প্ৰবৰ্ত্তা লোক।
- বামানয়bāmānaẏaAdjective
চলিত মতৰ আৰু বেদৰ বিৰুদ্ধ (শাস্ত্ৰ); যেনে-"বুদ্ধ অবতাৰে বেদ-পথ কৰি ছন্ন। বামানয় শাস্ত্ৰে মুহি আছা সৰ্ব্বজন" (কীৰ্ত্তন)
heretical
- বামুণীয়াbāmuṇīẏāAdjective
বামুণৰ প্ৰয়োজনীয়; স্মাৰ্ত্ত ক্ৰিয়া-কাণ্ডৰ কথা থকা (শাস্ত্ৰ)
Brahminical
- বালকসুলভba.lok.xu.lobhProper Adj.
irritating stupid like a child
- বালিকাসুলভba.li.ka.xu.lobhProper Adj.
ছোৱালীৰ বা ছোৱালীৰ নিচিনা; ছোৱালীৰ স্বভাবৰ৷
like or of a girl; having qualities or nature of a girl
- বালিচঁহীয়াAdjective
বালি-অহীঁয়া।
- বালিময়ba.li.moyAdjective Adj.
বালি থকা বা বালি বালি যেন লগা
of the nature of or consisting of sand
- বালিয়াba.li.yaAdjective Adj.
বালি থকা বা বালি বালি যেন লগা
of the nature of or consisting of sand
- বালীঅঁহীয়াba.li.o~.hi.yaProper Adj.
বেছিকৈ বালি মিহলি হৈ থকা (মাটি)
(Soil) having a high sand content
- বালীয়াbālīẏāAdjective
বালিময়
sandy
- বাল্যbālyaAdjective
ল'ৰা-কালৰ; ল'ৰা সম্বন্ধীয় (কাল)
pertaining to a child
- বাষ্পময়Proper Adj.
বাষ্প বা ভাপেৰে ভৰি থকা
full of or filled with vapor
- বাষ্পশীলbas.po.xilAdjective Adj.
readily vaporizable at a relatively low temperature, characterized by or subject to rapid or unexpected change, tending to erupt into violence
- বাসনাবন্ধীয়াAdjective
কপালত লাগি অহা; দৈবৰ নিৰুপিত
ordained by fate
- বাসন্তীba.xon.tiProper Adj.
কমলা বৰণৰ, অৰ্থাত্ ৰঙা আৰু হালধীয়া ৰঙৰ সংমিশ্ৰণত সৃষ্টি হোৱা ৰঙৰ; অস্তমিত সূৰ্য্যৰ ৰং
orange colored; the color produced by mixing red and yellow; the color of setting sun.
- বাসোপযোগীba.xo`.po.jo`.giProper Adj.
বাস কৰাৰ অৰ্থাৎ স্থায়ীভাৱে থকাৰ উপযোগী
fit or suitable to live in or with