কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাতযোৰhat.jo`rAbstract Noun
ভাৰতীয় ৰীতি অনুসৰি দুয়োখন হাত লগ-লগাই মূৰ দোঁৱাই কৰা সম্ভ্ৰম| সাধাৰণতে নিজতকৈ বয়সত ডাঙৰ বা সন্মানীয় মানুহৰ ক্ষেত্ৰত প্ৰণাম ব্যৱহাৰ কৰা হয়|
Indian greeting gesture consisting of a small bow while holding the palms together raised before the body.
- হাতা-ওপৰাhātā-oparāNoun
একেটা কথাতে বা কামতে কেবাটায়ো হাত লগোবা বা উটা-পুটা কৰা; উটা-পুটা
to meddle
- হাতা-মাৰিhātā-māriNoun
সাঁকো-মাৰি।
- হাতালিhātāliNoun
খোলাকটি, কোনো গুটি আদি হাতৰপৰা ওপৰলৈ মাৰি দি আকৌ হাতেৰে ধৰা ধেমালি
a kind of game of pitch and toss
- হাতালোৰhātāloraNoun
হাত-জোকাৰণি, হস্ত-সঞ্চালন, হাত- চাপৰি; যেনে-"সখিগণে দেখি উঠি পাৰে হাতালোৰ" (দশম)।
- হাতীhātīNoun
এবিধ ডাঙৰ গাৰে মূখত এডাল দীঘল শুঁড় থকা জন্ত্ত; হস্তী; গজ
an elephant
- হাতী দাঁতha.ti da~tMaterial Noun
the hard white substance, a variety of dentin, composing the main part of the tusks of the elephant, walrus, etc. taken out from a dead animal and used to make carvings, ornaments etc.
- হাতী-আউনিhātī-āuniNoun
এজাতি ডাঙৰ ডাঙৰ পাতেৰে আউনি পাণ; [ই কেবল মাটিতহে বগায়; আউনি পাণ হ'লে গছতো বগায়।]।
- হাতী-কেৰেপাhātī-kerepāNoun
এবিধ বনৰীয়া আওকাঠী গছ [দেখিবলৈ প্ৰায় মাহ-কঁহতা বা শাল-কলীয়া গছৰ নিচিনা]
a kind of forest tree; flex godojam
- হাতী-কেৰেলাhātī-kerelāNoun
বনৰীয়া কেৰেলা আৰু তাৰ লতা
a kind of wild creeper and its fruit
- হাতী-খুজীয়া আলুhātī-khujīẏā, āluNoun
এজাতি কাঠ আলু।
- হাতী-খুতৰাhātī-khutarāNoun
কাঁইটীয়া খুতৰা শাক [ইয়াক পুলিতে আঞ্জা খোবা যায়; গছ পাত সিজাই গৰুক দানা খুবালে গাখীৰ বেচিকৈ ওলায়।]; চাৰলী
a kind of thorny herb; Amarantus pinosus
- হাতী-চলাওঁতাha.ti-so.lao~.taCommon Noun
হাতীক প্ৰশিক্ষণ দিয়া আৰু চলোৱা ব্যক্তি।
a person who trains and drives an elephant.
- হাতী-চাঁৰুলিha.ti-sa~.ru.liCommon Noun
এবিধ কাঁইটিয়া চাঁৰুলি জাতিৰ বন৷
Prickly Amaranth is an annual herb with sometimes red tinged erect stems, sometimes ascending, 30-150 cm long, usually branched. Leaves ovate to rhombic-ovate, elliptic, lanceolate-oblong, or lanceolate, blades 1-12 cm long, 0.89-6 cm wide, smooth, leaft stalk 1-9 cm long. Flowers green, in axillary clusters in the lower part of the plant and in unbranched or branched spikes in the upper part, the lower clusters entirely without stamens as are the lower flowers of the spikes, the upper flowers in the spikes staminate.
- হাতী-চুঙীhātī-cuṅīNoun
আহোম ৰজাৰ দিনৰ এখেল কাঁৰী (বনুবা) মানুহৰ নাম [ইহঁতৰ প্ৰধান কাম আছিল হাবিত হাতীৰ চোং বিচাৰি হাতী ধৰি অনা]
a class of labourers during the Āhom Rājā's time whose principal duty was to catch elephants for the State
- হাতী-জোকhātī-jokaNoun
পানীত থকা এবিধ ডাঙৰ জোক
a kind of large leech
- হাতী-টেঙাhātī-ṭeṅāNoun
কচু গছৰ নিচিনা এবিধ বনৰীয়া টেঙা-শাক [মাটিৰেপৰা ঠাৰি মেলি ফেৰেঙণি মেলা পাত ধৰে; কেঁচাই বা আঞ্জা কৰি খোবা যায়।]
a kind of pot-herb
- হাতী-টেঙেচীhātī-ṭeṅecīNoun
"শুঁৰ-বোবা টেঙেচী" চোবাঁ।
- হাতী-দঁতীয়া কলhātī-dam̐tīẏā, kalaNoun
এজাতি বৰ দীঘল কল
a variety of banana
- হাতী-দাঁতhātī-dām̐taNoun
মতা হাতীৰ মুখৰ বাহিৰলৈ ওলোবা দীঘল দাঁত
the tusk of an elephant