কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শাকনিxa.ko.niCommon Noun
শাক খেতি কৰা ঠাই৷
a place where leafy vegetables are grown/cultivated.
- শাকমিNoun
শাক অৰ্জা ঠাই; শাকৰ খেতি কৰা ঠাই
a kitchen- garden; a vegetable garden
- শাকম্ভৰীxa.kom.bho.riProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- শাকাহাৰীxa.ka.ha.riCommon Noun
উদ্ভিদজাত আহাৰ খোৱা কিন্তু মাছ, মাংস আৰু কণী নোখোৱা লোক৷
a person who eats vegetable foods and does not take fish, meat and egg.
- শাকুনিকxa.ku.nikCommon Noun
যি জীৱিকা অথবা আমোদৰ বাবে বন্য প্ৰাণী বধ কৰে
one who kills wild animals for living or fun
- শাক্তśāktaNoun
দুৰ্গা, কালী আদিৰ উপাসক; শক্তি-উপাসক; তান্ত্ৰিক
a worshipper of the female principle, Durgā or her forms
- শাক্যমুনিśākyamuniNoun
শাক্য বংশত জন্মা বুদ্ধদেব; গৌতম বুদ্ধ
Lord Buddha
- শাক্যসিংহśākyasiṃhaNoun
শাক্য বংশত জন্মা বুদ্ধদেব; গৌতম বুদ্ধ
Lord Buddha
- শাখাśākhāNoun
গছৰ ডাল; ঠাল
branch of a tree
- শাখা-প্ৰশাখাxa.kha-pro.xa.khaMaterial Noun
গছ-গছনিৰ গা-গছৰ শাখা
Limb of a tree or bough
- শাখানদীxa.kha.no.diMaterial Noun
এনে এখন নদী যি অন্য এখন আপেক্ষিকভাৱে ডাঙৰ নদীত গৈ পৰেগৈ
A stream that flows into a larger stream or other body of water.
- শাখামৃগxa.kha.mri.goCommon Noun
প্ৰাইমেট বৰ্গৰ অন্তৰ্গত দীঘল-নেজীয়া মজলীয়া আকাৰৰ এক স্তন্যপায়ী জন্তু।
Any of various long-tailed, medium-sized members of the order Primates, including the macaques, baboons, guenons, capuchins, marmosets, and tamarins and excluding the anthropoid apes and the prosimians.
- শাখীxa.khiCommon Noun
এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।
A perennial woody plant having a main trunk and usually a distinct crown.
- শাঠ্যxa.thyoAbstract Noun
lack of honesty; a disposition to lie, cheat, or steal
- শাণxanMaterial Noun
অস্ত্ৰত ধাৰ দিবলৈ ব্যৱহৃত,কঠিন আৰু মিহি এবিধ শিল ।
smooth stone used for sharpening instruments
- শাণ(ন)śāṇa(na)Noun
অস্ত্ৰ ঘঁহি চোকা কৰা এবিধ কোমল শিল; বা লা, বালি মিহলাই সেই নিচিনাকৈ তৈয়াৰ কৰা বস্ত্ত
a whetstone
- শাণ(ন)-বালিNoun
শান তৈয়াৰ কৰোঁতে লগা এবিধ বৰফুটীয়া বালি
coarse sand used in making a whetstone
- শাত্ৰৱxat.robAbstract Noun
বন্ধুত্ব নথকা বা পৰস্পৰ বিৰোধী এক অনুভূতি বা অৱস্থা।
a feeling or condition of hostility or unfriendliness.
- শান্তকৰণxan.to.ko.ronAbstract Noun
বেদনা, মানসিক অশান্তি বা অত্যাচাৰৰ দৰে বোজা বা দুৰ্দশা কম কৰা
easing of a burden or distress, such as pain, anxiety, or oppression.
- শান্তনুśāntanuNoun
এজন চন্দ্ৰবংশী ৰজা; ভীষ্মৰ বাপেক
the father of Bhisma