কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চন্দ্ৰকান্তcandrakāntaNoun
চন্দ্ৰৰ ৰশ্মিৰপৰা হোবা বুলি খ্যাত এবিধ কাল্পনিক মণি [চন্দ্ৰৰ কিৰণত ইয়াৰ সৌন্দৰ্য্য বাঢ়ে।]
a fabulous gem; the moon stone
- চন্দ্ৰকান্তিcandrakāntiNoun
এবিধ ফুল
a kind of flower
- চন্দ্ৰকিৰণson.dro.ki.ronAbstract Noun
জোনৰ পোহৰ
the light of the moon
- চন্দ্ৰকীCommon Noun
মতা ময়ূৰ চৰাই, যি তাৰ নানা-ৰঙী পাখি মেলি চালি ধৰিব পাৰে।
A male peafowl, distinguished by its crested head, brilliant blue or green plumage, and long modified back feathers that are marked with iridescent eyelike spots and that can be spread in a fanlike form.
- চন্দ্ৰকৰson.dro.korAbstract Noun
জোনৰ পোহৰ
the light of the moon
- চন্দ্ৰগুপ্তcandraguptaNoun
আগৰ মগধ দেশৰ এজন বিখ্যাত ৰজা
a famous ancient king of Magadha
- চন্দ্ৰগুপ্ত মৌৰ্য্যson.dro.gup.to mour.jyoProper Noun
মৌৰ্য্য বংশৰ প্ৰথম ৰজা৷ খ্ৰী পূ ২৯৮৷
The founder of the Maurya Empire and the first emperor to unify most of Greater India into one state. He ruled from 322 BCE until his voluntary retirement and abdication in favour of his son, Bindusara, in 298 BCE
- চন্দ্ৰগ্ৰহণcandragrahaṇaNoun
ছাঁ পৰি চন্দ্ৰক ঢকা কাৰ্য্য; ৰাহুবে চন্দ্ৰক গিলা কাৰ্য্য
lunar eclipse
- চন্দ্ৰচূড়candracūṛaNoun
মহাদেব
a name of Śiva
- চন্দ্ৰজ্যোতিsAbstract Noun
জোনৰ পোহৰ
the light of the moon
- চন্দ্ৰতাপcandratāpaNoun
চন্দ্ৰ বা সূৰ্য্যৰ কিৰণৰপৰা ৰক্ষা কৰা, মানুহ বহা বা দেবতাৰ মূৰ্ত্তি ৰখা ঠাইৰ ওপৰত তৰা কাপোৰ
a canopy
- চন্দ্ৰদেৱson.dro.debProper Noun
ভগৱানৰ ৰূপত পূজা কৰা চন্দ্ৰ৷
the moon worshipped as a god.
- চন্দ্ৰদেৱতাson.dro.de.bo.taProper Noun
ভগৱানৰ ৰূপত পূজা কৰা চন্দ্ৰ৷
the moon worshipped as a god.
- চন্দ্ৰনামAbstract Noun
এবিধ সুগন্ধি দ্ৰৱ্য
a whitish, translucent, crystalline, pleasant-odored terpene ketone, C10H16O, obtained from the camphor tree, used chiefly in the manufacture of celluloid and in medicine as a counter-irritant for infections and in the treatment of pain and itching.
- চন্দ্ৰপুৰson.dro.purProper Noun
কামৰূপ(নগৰাঞ্চল) জিলাৰ ভিতৰুৱা এখন ঠাই আৰু ৰাজহ চক্ৰ৷
A place and a revinue circle in kamrup(metro) district of Assam
- চন্দ্ৰপ্ৰভাcandraprabhāNoun
জোনৰ পোহৰ; জোনাক
the moonlight
- চন্দ্ৰবংশcandrabaṃśaNoun
কুৰু-পাণ্ডব; যদু-বংশ আদি পূৰ্ব্বকালৰ এক ৰজাৰ গোষ্ঠী [এই বংশত আদি পুৰুষ পুৰুৰবা চন্দ্ৰৰপৰা জন্মিছিল বুলি-খ্যাত।]
the lunar race
- চন্দ্ৰবদনson.dro.bo.donAbstract Noun
চন্দ্ৰৰ দৰে মুখ থকা অতি শুৱনী পুৰুষ ৷
a man with a beautiful face as like as moon.
- চন্দ্ৰবদনাson.dro.bo.do.naAbstract Noun
চন্দ্ৰৰ দৰে মুখ থকা অতি শুৱনী তিৰোতা ৷
a woman with a beautiful face as like as moon.
- চন্দ্ৰবদনীson.dro.bo.do.niAbstract Noun
চন্দ্ৰৰ দৰে মুখ থকা অতি শুৱনী তিৰোতা ৷
a woman with a beautiful face as like as moon.