কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিধাৰীnidhārīAdjective
নিধৰুবা; যেনে-"তেবেসে নিধাৰী হওঁ ঋণো শুজা যায়" (দশম)।
- নিধেয়nidheẏaAdjective
জমা ৰাখিব লগীয়া।
- নিধৰুবাnidharubāAdjective
ধাৰ নথকা; ঋণ নথকা
not indebted
- নিধৰুৱাni.dho.ru.waVerbal Adj.
কোনো ধাৰ বা ঋণ নথকা, অৰ্থাৎ ধৰুৱা নোহোৱা
having no debt or loan
- নিনাওnināoAdjective
নামশূন্য; নাও বা নৌকা নথকা
nameless; having no boat
- নিন্দনীয়Adjective
নিন্দাৰ যোগ্য; মন্দ
blame-worthy
- নিন্দাজনকnin.da.jo.nokProper Adj.
যাক নিন্দা কৰা উচিত
worthy of reproach, condemnations
- নিন্দাৰ্হAdjective
নিন্দাৰ যোগ্য।
- নিন্দিতAdjective
নিন্দা পোবা; গৰ্হিত; . অধম; নীচ; . কৱদ
reviled; ridiculed ; low; vile
- নিন্দোতাnin.do`.taVerbal Adj.
নিন্দা কৰোঁতা বা যি আনৰ বিৰুদ্ধে গৰিহণাসূচক ভাষা প্ৰয়োগ কৰে
user of abusive or scornful language against (someone or something)
- নিন্দ্যAdjective
নিন্দাৰ যোগ্য; মন্দ
blame-worthy
- নিপাতnipātaNoun
নাশ; ধ্বংস; মৱত্যু
death; destruction
- নিপাত যোৱাni.pat jo’.waProper Adj.
ভেঁটি উচ্ছন্ন হোৱা; কোনো উত্তৰসূৰী নথকা |
no longer in existence; lost or especially having died out leaving no living representatives; "an extinct species of fish"; "an extinct royal family"; "extinct laws and customs"
- নিপাতনে সিদ্ধni.pa.to.ne xid.dhoVerbal Adj.
ব্যাকৰণৰ সাধাৰণ নিয়ম নমনাকৈ সংঘটিত শব্দ গঠন প্ৰক্ৰিয়া
linguistic constructions without following usual grammatical rules
- নিপানীnipānīAdjective
পানী-নথকা; পনীয়া নোহোবা; পানী নিমিহলোবা
not watery; not mixed with water
- নিপীড়নমূলকProper Adj.
লোকৰ প্ৰতি অন্যায় আচৰণ কৰা৷
harsh and demanding strict obedience.
- নিপীড়িতni.pi.ri.toProper Adj.
শাৰীৰিক আৰু মানসিক ভাৱে কষ্ট পোৱা ৷
burdened psychologically or mentally.
- নিপুণnipuṇaAdjective
পটু; পাৰ্গত; পাৰগ
skilful; well-versed
- নিপোটলnipoṭalaAdjective
কোনো অংশ ক্ষীণ নোহোবা; কেয়োপিনে সমানে পুষ্ট (শৰীৰ)
plump
- নিপয়nipaẏaAdjective
মাত-বোল নথকা।