কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মুখচন্দনিmukh.son.do.niVerbal Noun
বিয়াৰ পাছত দৰা-কইনাৰ প্ৰথম দৃষ্টি বিনিময়৷
first exchange of sights between the bride and bridegroom after marriage.
- মুখচন্দ্ৰিকাmukho.son.dri.kaVerbal Noun
বিয়াৰ পাছত দৰা-কইনাৰ প্ৰথম দৃষ্টি বিনিময়৷
first exchange of sights between the bride and bridegroom after marriage.
- মুখস্ত কৰ্mu.khos.to korVerb-Trans.
স্মৃতিত বা মনত ৰাখি থ
to commit to memory; learn by heart.
- মুখস্ত মাতmu.khos.to matVerb-Trans.
মুখস্থ কৰা বা আগতীয়াকৈ প্ৰস্তুত কৰা কোনো পাঠ বা কবিতা পুণৰ শব্দ কৰি পঢ় বা আঁওৰা
to repeat or read aloud something memorized or prepared
- মুখা-মুখি হmu.kha-mu.khi hoVerb-Trans.
To come in front one one another, sepcially for a contest
- মুখা-মুখিকৈmu.kha-mu.khi.koiAdverb
Confrontation facing each other
- মুখাগ্নি কৰ্mu.khag.ni.korVerb-Trans.
চিতা জ্বলোৱাৰ আগেয়ে মন্ত্ৰোচ্চাৰণ কৰি মৃতকৰ মুখত জুই দে
to put fire on the face of the corpse before lighting the funeral pile
- মুখামুখিmu.kha.mu.khiAdverb
Confrontation facing each other
- মুখে মুখেmukhe, mukheAdverb
সমুখত; আগত; সাক্ষাতে
face to face
- মুখ্যতঃmu.khyo.tohAdverb
কোনো বিষয়ৰ প্ৰধান বা শ্ৰেষ্ঠ অংশ ৰূপে
for the most part; in the main; to the greatest extent.
- মুখৰ পানী ওলাmu.khor pa.ni o’.laVerb-Trans.
কিবা ভাল খোৱা বস্তুৰ গোন্ধ পাই মুখৰ ভিতৰত অধিক লেলাওতিৰ সৃষ্টি কৰা; এই লেলাওতি মুখৰ বাহিৰ ওলাই অহা;এই লেলাওতিৰে জিভা তিওৱা৷
to produce saliva or to fill the mouth with saliva.
- মুখৰ পানী পৰmu.khor pa.ni porVerb-Trans.
কিবা ভাল খোৱা বস্তুৰ গোন্ধ পাই মুখৰ ভিতৰত অধিক লেলাওতিৰ সৃষ্টি কৰা; এই লেলাওতি মুখৰ বাহিৰ ওলাই অহা;এই লেলাওতিৰে জিভা তিওৱা৷
to produce saliva or to fill the mouth with saliva.
- মুখৰিত হVerb-Trans.
(শব্দ) কেওফালে বিয়পি পৰ্
spread (of sound) widely
- মুগা মেলmu.ga melVerb-Trans.
মুগা পলু গছত লগা
to put muga worms for rearing on the leaves of mulberry tree.
- মুচি ধৰ্mu.si dhorVerb-Intran.
কঁঠালৰ গছত ফল ধৰ্ বা ক’লি পেলা
to start fruiting or to bear fruits in a jackfruit tree
- মুচি পেলাmu.si pe.laVerb-Intran.
কঁঠালৰ গছত ফল ধৰ্ বা ক’লি পেলা
to start fruiting or to bear fruits in a jackfruit tree
- মুচুকাইmucukāiAdverb
মুচুক কৰে; মুচুক শব্দ কৰি; কোমল কিন্ত্ত চনকা সৰু বস্ত্ত ভগাৰ দৰে শব্দ কৰি
with a low, short sound
- মুচৰি দেmu.so.ri deVerb-Trans.
পকাই বা মোটোকাই দে
to twist or sprain something
- মুজুৰা খাmu.ju.ra khaVerb-Intran.
ভালকৈ বাঢ়িব নোৱাৰা হ
to get stunted in growth
- মুজুৰা পৰ্mu.ju.ra porVerb-Intran.
ভালকৈ বাঢ়িব নোৱাৰা হ
to get stunted in growth