কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চুকিয়া-চুকিকৈsu.ki.ya-su.ki.koiAdverb
এচুকৰপৰা আন চুকলৈ ।
joining opposite corners of a rectangle, square or other figure.
- চুকে-কোণেsu.ke-ko`.neAdverb
চাৰিওফালে বা সকলো ঠাইতে।
state of being distributed all over.
- চুক্চুকাcukcukāTransitive verb
মিঠা কথাৰে মন ভুলা বা প্ৰবৱত্তি লগা; . কৱদ
to coax; to persuade by sweet words
- চুক্তি কৰ্Verb-Intran.
দুই বা ততোধিক দলৰ মাজত সৈমত হোৱা কিছু সিদ্ধান্ত৷
To agree between two or more parties to certain terms.
- চুক্তিবদ্ধVerbal Adj.
(দুই পক্ষৰ মাজত) স্বাক্ষৰিত চুক্তিপত্ৰৰ জৰিয়তে দায়বদ্ধ
bound by an agreement signed (between two parties)
- চুক্তিৱদ্ধVerbal Adj.
(দুই পক্ষৰ মাজত) স্বাক্ষৰিত চুক্তিপত্ৰৰ জৰিয়তে দায়বদ্ধ
bound by an agreement signed (between two parties)
- চুচুক চামাকsu.suk sa.makVerbal Noun
কোনো ঠাইলৈ বা কোনো মানুহৰ আগলৈ যাবলৈ লাজ বা ভয় কৰি আগ-পাচ হোৱা বা মুখ লৰোৱা কাৰ্য ৷
hesitation about going to a certain place or before a certain person.
- চুচুক-চামাককৈsu.suk-sa.mak.koiAdverb
ভয়, লাজ, দ্বিধা বা অনিচ্ছাৰ বাবে কিবা এটা কৰিবলৈ মন নকৰি বা দেৰি কৰি
with reluctantance or wait to act because of fear, shyness, indecision, or disinclination
- চুটিকৈsu.ti.koiAdverb
চুটিকৈ বা মাথোঁ কেইটামান শব্দত (লিখা বা কোৱা)
In short or few words (write or tell sth)
- চুপ থাক্sup thakVerb-Intran.
শব্দ বা মাত-কথা নোহোৱা হ
to become devoid of noise or sound
- চুপটি মাৰ্su.po.ti marVerb-Trans.
ধেমালিতে বিভিন্ন প্ৰৰোচনামূলক মন্তব্য দি আমনি কৰ্ বা খং তোল্
to irritate or provoke with persistent petty distractions, trifling raillery, or other annoyance, often in sport
- চুপতাচুপতিsu.po.ta.su.po.tiVerbal Noun
এজনে আন জনক ইতিকিং কৰা বা খং তোলা কথা কোৱা কাৰ্য ৷
the act of exchanging jokes or provoking words one another.
- চুপতি কৰ্su.po.ti korVerb-Trans.
কোনো গুৰুত্ব নোহোৱাকৈ/নিদিয়াকৈ কথা পতা
to talk, discuss or converse on different topics of mutual interest in an informal gathering of people.
- চুপতি মাৰ্su.po.ti marVerb-Intran.
পাতল, ধেমেলীয়া, জোকোৱা মন্তব্য বিনিময় কৰ্
exchange light, playful, teasing remarks
- চুপি খাsu.pi khaVerb-Trans.
ওঁঠেৰে চেপি ৰস খা
To draw (liquid) into the mouth by movements of the tongue and lips that create suction.
- চুপি চুপিsu.pi su.piAdverb
কোনো শব্দ নকৰাকৈ
without making any noise or sound
- চুপে-চাপেsu.pe-sa.peAdverb
কোনো শব্দ নকৰাকৈ
without making any noise or sound
- চুবাcubāTransitive verb
বুৰা; পানীৰ তলীলৈ সুমা
to immerse under water
- চুমুকsu.mukVerbal Noun
চুমা খোৱা কাৰ্য্য, ওঁঠেৰে কাৰোবাক স্পৰ্শ কৰা
the act of kissing somebody, a touch with lips
- চুম্cumTransitive verb
চুমা খা; ওঁঠেৰে স্পৰ্শ কৰ্; চোপ্
to kiss; to suck