কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আধাবাটতa.dha.ba.totAdverb
দুখন ঠাইৰ মাজৰ দূৰত্বৰ আধা
half the distance between two places.
- আধামূৰী খাIntransitive verb
বৰ পৰিশ্ৰমত মূৰ-ফুৰণি ধৰ্; মনৰ দুখত আধা-মৰা বা বিতত হ
to be bewildered or to losr head with much exertion
- আধামৰাa.dha.mo.raVerbal Adj.
মৰোঁ মৰোঁ হোৱা অৱস্থা
Being on the point of death; breathing your last.
- আধাৰ বাঁত ্Intransitive verb
এটাৰ মুখৰপৰা উলিয়াই আনটোৰ মুখত মুখ দি খুবাই দি; (চৰায়ে) পোবালিক টোপ খুবা; যেনে "পাৰ চৰায়ে আধাৰ বাঁতিছে"
to feed yound ones or birds do
- আধি দি, আধি লগাTransitive verb
নিজৰ বস্ত্তৰ উৎপন্নৰ আধা ভাগ মূল্য-স্বৰূপে ল'বলৈ লোকক মাটি বা জন্ত্ত দি
to let land, etc., to another on the understanding of getting half the produce of the same
- আধি দেa.dhi deVerb-Trans.
এজনৰ মাটি আন এজনক খেতি কৰিবলৈ দে, এই চৰ্ত্তত যে উৎপাদিত শস্যৰ আধা মাটিৰ গৰাকীক দিব লাগিব ৷
to allow someone to cultivate on one`s land with condition that half of the produce will be handed over to the land-owner
- আধিককৈa.dhik.koiAdverb
অধিক পৰিমাণে থকা বা কিবা উপাৰ্জন কৰা৷
in large number or quantity.
- আধিপত্য কৰ্a.dhi.po.tyo korVerb-Trans.
নিয়ন্ত্ৰণ কৰ্ বা প্ৰভু্ত্ব প্ৰকাশ কৰ্
command, control, be the most influential or obvious
- আধিলৈ দেa.dhi.loi deVerb-Trans.
এজনৰ মাটি আন এজনক খেতি কৰিবলৈ দে, এই চৰ্ত্তত যে উৎপাদিত শস্যৰ আধা মাটিৰ গৰাকীক দিব লাগিব ৷
to allow someone to cultivate on one`s land with condition that half of the produce will be handed over to the land-owner
- আধিয়া কাট্ādhiẏā, kāṭIntransitive verb
পৰৰ বন কৰি পেট পোছ্
to earn livelihood by working for others
- আধ্যা পেলাIntransitive verb
পঢ়ি এক আধ্যা শেষ কৰ্
to finish reading a chapter
- আধ্যা-পাধ্যাa.dhya-pa.dhyaVerbal Noun
বিৰতিহীনভাৱে আগবঢ়া প্ৰক্ৰিয়া; যেনেঃ কোনো আগ-গুৰি নোহোৱাকৈ পঢ়িছে।
continuous progression.
- আধৰুৱাকৈa.dho.ru.wa.koiAdverb
কিবা এটা কামৰ এটা অংশ মাত্ৰ কৰা
done only part of a work
- আন ঠাইলৈan thai.loiAdverb
ভবা বা কোৱা দিশ বা ঠাইৰ সলনি বেলেগ দিশ বা ঠাইলৈ।
towards some other direction.
- আনকালānakālaAdverb
আনখন; যোবা দিনত; গত হোবা সময়ত; আগেয়ে; যেনে-"আনকাল গোবা নামটোকে আজিও গাইছে"
a previous time
- আনকালিan.ka.liAdverb
আন সময়ত বা গত যিকোনো সময়ত
at other times or a previous time
- আনতশিৰa.no.to.xirVerbal Adj.
সন্মান দেখুৱাবলৈ বা বশ্যতা স্বীকাৰ কৰি কাৰোবাৰ প্ৰতি মূৰ দোঁওৱা অৱস্থা।
bowing down to someone to show respect or submissiveness.
- আনদিশেan di.xeAdverb
ভবা বা কোৱা দিশ বা ঠাইৰ সলনি বেলেগ দিশ বা ঠাইলৈ।
towards some other direction.
- আনন্দিত ভাৱেa.non.dit bha.beAdverb
সুখী অৱস্থাৰে কোনো কাম কৰা।
do sth with happiness.
- আনন্দেৰেa.non.de.reAdverb
সুখী অৱস্থাৰে কোনো কাম কৰা।
do sth with happiness.