কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাত-কেৰেয়াhāta-kereẏāNoun
দোশীৰ দুয়োখন হাত গোটাই দন্ধা লোৰ যতন
manacle; handcuff
- হাত-খৰচhāta-kharacaNoun
অলপীয়া খৰচৰ কাৰণে হাতত ৰখা ধন
pocket expense
- হাত-চাপৰিhat-sa.po.riAbstract Noun
the act of making sound by repeatedly hitting one hand with another (as a applause)
- হাত-জোকাৰণিhat-jo`.ka.ro.niAbstract Noun
কোনো কথা বুজাবৰ নিমিত্তে অংগ লৰোৱাৰ ভাও, হাতৰ, মুখৰ বা চকুৰ ঠাৰ ।
a movement of part of body to express an idea or meaning.
- হাত-ঠাৰhāta-ṭhāraNoun
হাতেৰে দিয়া ঠাৰ; হাত দাঙি বা লৰাই দিয়া সঙ্কেত
a hint given by gesture of the hand
- হাত-তালিhāta-tāliNoun
দুয়ো হাতৰ তলুবাৰে কৰা শব্দ; চাপৰি
a clapping
- হাত-বলিয়নNoun
হাত চলাই কোনো কাম কৰা; যেনে-"হাত-বলিয়নত সূতা পকাইছে"
use or manipulation of the hands
- হাত-বাউলhāta-bāulaNoun
আঁতৰত থকা মানুহক হাত জোকাৰি মতা সঙ্কেত
a beck or motion of the hand, used in calling, to a person at a distance
- হাত-বাউলিhāta-bāuliNoun
আঁতৰত থকা মানুহক হাত জোকাৰি মতা সঙ্কেত
a beck or motion of the hand, used in calling, to a person at a distance
- হাত-ভেটীhāta-bheṭīNoun
ডাঙৰ লোকৰ লগত সাক্ষাৎ কৰিবলৈ যাওঁতে দিয়া কম মূল্যৰ উপহাৰ
a present of small value made at an interview
- হাত-মাৰিhāta-māriNoun
কোনো যন্ত্ৰ হাতেৰে ধৰি চলাবলৈ তাত লগাই দিয়া এডোখৰ চুটি মাৰি
a handle
- হাত-মোজাhāta-mojāNoun
হাতত পিন্ধা আবৰণ বা মোজা
gloves
- হাত-ৰঙাhat-ro.ngaMaterial Noun
সেন্দুৰৰ দৰে এবিধ ফোঁট লোৱা বস্তু,তাৰে ফোঁট ল’লে ভৱা মতে কাৰ্য্য সিদ্ধি হয় বুলি মানুহে বিশ্বাস কৰে।
a fabulous substance which,when put on one's forehead is said to give anything desired.
- হাতকেৰেয়াhat.ke.re.yaMaterial Noun
এজন ব্যক্তিৰ দুয়োখন হাত ওচৰা-ওচৰিকৈ বান্ধিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি।
Handcuffs are devices to secure two wrists close together.
- হাতঘড়ীhat.gho.riMaterial Noun
হাতৰ সৰুগাঁথিত পিন্ধা সময় জোখা যন্ত্ৰ
chronometer worn on the wrist
- হাতনি মাৰিha.to.ni ma.riMaterial Noun
হাতেৰে ধৰিবৰ সুবিধাৰ কাৰণে লগোৱা অংশ।
A part that is designed to be held or operated with the hand.
- হাতনি-পেৰাha.to.ni pe.raMaterial Noun
pocket size small box - used to keep valuables or betel leaf and acera nuts.
- হাতপুথিhat.pu.thiMaterial Noun
কোনো বিশেষ সঁজুলিৰ ব্যৱহাৰ সম্পৰ্কে নিৰ্দ্দেশাৱলী সন্নিৱিষ্ট থকা এখন সৰু কিতাপ।
A booklet that instructs on the usage of a particular tool.
- হাতবাগীhat.ba.giMaterial Noun
ভৰিৰে পেডেল মাৰি চলোৱা দুচকীয়া যান৷
a vehicle with two wheels in tandem, usually propelled by pedals connected to the rear wheel by a chain, and having handlebars for steering and a saddlelike seat
- হাতবোমাhat.bo`.maMaterial Noun
হাতেৰে দলিওৱা এবিধ সৰু বোমা ৷
A small bomb or explosive missile that is detonated by a fuse and thrown by hand or shot from a rifle or launcher.