কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হোৰা-হোৰেAdverb
পাচিয়ে পাচিয়ে; বহুত পৰিমাণে
abundantly; in large quantities
- হোৰোসাই, হোৰোস্ কৰেAdverb
হোৰোস শব্দ কৰি
with a dull sound as of some heavy thing falling into mud
- হোৱাho’.waVerb-Intran.
কাৰোৱাৰ অৱস্থা সলনি হোৱা৷
to change one's status to be something else
- হ্ৰস্ব কৰ্Verb-Trans.
কোনো শব্দ বা বাক্য চুটি কৰিবলৈ প্ৰত্যেক শব্দৰে প্ৰথম বৰ্ণটো লৈ লিখা৷
to make a word or phrase shorter by using only the first letters of each word.
- হ্ৰাস হhrax.hoVerb-Trans.
আকাৰ বা পৰিমাণত সৰু বা কম হোৱা
to become small or less in size or quantity
- হয় নিশ্চয়!hoy nis.soyAdverb
কোনোবাই কোৱা কিবা কথা বুজি পোৱা বা তাত সন্মতি জনোৱা দেখুৱাবলৈ বা শলাগিবলৈ ব্যৱহাৰ কৰা যুটীয়া শব্দ
used to agree with somebody or to show that one understands what the other person has said. Yes, indeed!
- হয়তোhoy.to`Adverb
may be,to have a chance to occur
- হয়তোবাhoy.to`.baAdverb
may be,to have a chance to occur
- হয়ভৰ দেhoy.bhor deVerb-Trans.
স্পষ্টকৈ বা জোৰ দি ক বা ঘোষণা কৰ্।
To declare or state clearly.
- হৰণ কৰ্ho.ron korVerb-Trans.
গাণিতিক পদ্ধতিৰে এটা সংখ্যাক ভাঙি বা ভাগ কৰি সমান সমান অংশত পৰিণত কৰা
to break, divide or split a numerical into equal parts using a mathematical function
- হৰণকাৰীho.ron.ka.riVerbal Adj.
গুচাওঁতা বা দূৰ কৰোঁতা
one who removes or takes away
- হৰদমhor.domAdverb
সকলো সময়তে; যিকোনো সময়তে আৰু প্ৰতিটো ক্ষণতে
At all times; all the time and on every occasion.
- হৰধৰাhor.dho.raVerbal Noun
কণীযুঁজত দুই খেলুৱৈয়ে কণীসলাই যুঁজ কৰোতে জিকাজনে প্ৰতিপক্ষৰ কণীটো সলাই পোৱা৷
the practice of taking the broken egg of the defeated player when both the players first decide to exchange their eggs before playing the game of egg cracking. (See egg cracking)
- হৰলুকি হho.ro.lu.ki hoVerb-Intran.
চকুৰে দেখা পোৱাৰ পৰা আঁতৰ হ
to cease to exist; to go away from eye-sight
- হৰিনামho.ri.namVerbal Noun
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.
- হৰিল-গৰিলকৈAdverb
in a very familiar or intimate manner
- হৰিসেৱাho.ri-xe.waVerbal Noun
ধৰ্মীয় গীত বা নাম-গুণ গাই বিষ্ণুৰ আৰাধনা কৰা।
worshiping Vishnu or Hari by singing religious songs.
- হৰুবাharubāTransitive verb
ঘটা; পৰাস্ত কৰ্; পৰাজয় কৰ্
to defeat
- হৰুৱাho.ru.waVerb-Trans.
যুদ্ধত বিজয়ী হ, বল বা কৌশলেৰে বশ কৰ্
To win victory over, to get the better of by force or strategy
- হৰ্harTransitive verb
বলেৰে বা ছল কৰি নি; চুৰ কৰ্
to steal; to rob