কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দৈবাৎAdverb
অকস্মাৎ; কপালৰ ফেৰত; দুৰ্ব্বিপাকত
by chance; fatefully
- দৈহিকভাৱেdoi.hik.bha.beAdverb
ভৌতিক বা দৈহিক অৱস্থাৰ জৰিয়তে।
with regard to the physical state.
- দৈয়ন দেdoi.yon deVerb-Intran.
বিয়াৰ দিনা ৰাতিপুৱাই বিয়াঘৰত দৰা, কইনা আৰু সম্পৰ্কীয় লোকৰ মুখত দৈৰ প্ৰলেপ সান৷
to paste doiyan (a curd paste) on the face of bride, bride groom and others in the family in the early morning of the marriage day.
- দৈয়াdaiẏāTransitive verb
দৈ তোলা; সৰু কাঠী তৈয়াৰ কৰ্
to split into the pieces, as a bamboo, etc.
- দৈৱ-দুৰ্বিপাকতdoi.bo-dur.bi.pa.kotAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- দৈৱক্ৰমেdoi.bo.kro.meAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- দৈৱগতি প্ৰাপ্ত হdoi.bo.go.ti prap.to.hoVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- দৈৱবশতঃdoi.wo.bo.xo.toAdverb
কোনো আকস্মিকভাৱে, পূৰ্ববতী কাৰণ নোহোৱকৈ ঘ্টা ৷
in an incidental manner.
- দৈৱবশেdoi.bo.bo.xeAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- দৈৱযোগেdoi.bo.jo`.geAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- দৈৱস্বdoi.bo.swoVerbal Adj.
দেৱতাৰ হকে আগবঢ়োৱা বা উছৰ্গা কৰা
set apart or dedicated to the service of a deity or god
- দৈৱাৎdoi.batAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- দোঁ খাdo’~ khaVerb-Intran.
সন্মুখলৈ হালি মূৰ তললৈ কৰি সন্মান জনোৱা
To show respect by bending forward at the waist
- দোঁ লdo’~ loVerb-Intran.
সন্মুখলৈ হালি মূৰ তললৈ কৰি সন্মান জনোৱা
To show respect by bending forward at the waist
- দোঁবাTransitive verb
নত কৰ্; বেঁকা কৰ্; ওপৰৰ ভাগ তললৈ টানি নমা; . কৱদ
to bend
- দোদুল্যমান হ্do`.du.ly.man hoVerb-Intran.
কি কৰিম, কি নকৰিম - এনে অৱস্থা হ; দুই ভিন্ন মন্তব্যৰ মাজত সঘনাই নিজৰ স্থিতি সলনি কৰ্
to be uncertain what to do, or to change frequently between two opinions
- দোপত দোপেAdverb
এদোপৰ পাছত আন দোপ মাৰি; ক্ৰমে; কোবত কোবে
step by step; in quick steps
- দোপত-দোপেdo’.pot-do’.peAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- দোপাdopāTransitive verb
ওপৰত ভৰ দি অলপ বহুবা বা তল কৰ্
to press down
- দোপ্Intransitive verb
দোপ ল; হেঁচা পাই তললৈ অলপ বহ্; যেনে-"মাৰলিটো অলপ দুপিছে"
to yield slightly to a pressure