কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মতা-গাঁঠিmatā-gām̐ṭhiNoun
বেতৰ সূতেৰে বেৰৰ কামী বান্ধোতে দিয়া গাঁঠি।
- মতা-চেলেংmatā-celemNoun
চেলেং বা কঁঢ়া গছৰ এটা উপজাতি
a kind of tree; Exoecaria baccata
- মতা-ধূনাmatā-dhūnāNoun
"ধূনা" চোবাঁ।
- মতা-মতিmatā-matiNoun
আলাপ; মাত-বোল
state of being on speaking terms; familiarity
- মতাদৰ্শmo.ta.dor.xoAbstract Noun
আদৰ্শ বা বিশ্বাসৰ এক ধাৰা
a set of principles or belief
- মতাধিকাৰmo.ta.dhi.karAbstract Noun
Suffrage is the civil right to vote, or the exercise of that right. In that context it is also called political franchise or simply the franchise, a term dating from the time when the Franks of ancient France were free.
- মতানৈক্যmo.ta.noi.kyoAbstract Noun
কোনো বিষয়ত হোৱা মতৰ অমিল|
prolonged argument or dispute.
- মতান্তৰmatāntaraNoun
মতভেদ; অভিপ্ৰায় বা ইচ্ছাৰ অমিল
difference of opinion
- মতান্ধmo.tan.dhoAbstract Noun
নিজৰ মত বা ইচ্ছা পৰিত্যাগ নকৰা মনোভাৱ৷
The mentality of not compromising with your own desires and ideas.
- মতাবলম্বনmatābalambanaNoun
কোনো এক মত অনুসাৰে কৰা আচৰণ; কোনো বিধান বা পথত চলা কাৰ্য্য
acting on or following another's opinion; the act of following a particular doctrine or tenet
- মতামতmatāmataNoun
সপক্ষ কি বিপক্ষ মত
pros and cons; opinion for and against
- মতামানুহmo.ta.ma.nuhCommon Noun
মানুহৰ দুই লিঙ্গৰ বিশেষকৈ শাৰীৰিকভাৱে সৱলজন ৷
An adult male human being, as distinguished from a woman.
- মতিmatiNoun
মন; বুদ্ধি; আশয়; মনৰ প্ৰবৱত্তি
mind; intellect; inclination; mental disposition
- মতি বুদ্ধিmati, buddhiNoun
স্বভাব-চৰিত্ৰ
disposition; conduct
- মতি-গতিmati-gatiNoun
মনৰ ঢাল আৰু গতি; আচৰণ
intention and inclination of the mind; conduct
- মতি-ভ্ৰমmati-bhramaNoun
বূদ্ধিৰ ভ্ৰম; কোনো কথা ভুলকৈ বুজা অবস্হা
misapprehension
- মতিচুৰmaticuraNoun
লাৰুকৈ কৰা এবিধ মিঠাই
a kind of sweet- meat
- মতিচ্ছন্নmaticchannaAdjective
হতবুদ্ধি; জ্ঞানহীন
deranged in mind
- মতিচ্ছন্নতাmo.ti.son.no.taAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- মতিবিভ্ৰংশmo.ti.bi.bhrong.xoAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.