কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সন্মুখস্থxon.mu.khos.thoProper Adj.
কোনো এজনৰ মুখৰ সমুখৰফালে থকা বা সেই দিশৰ পৰা চোৱা
seen from or related to the front part of one's face
- সন্মূখতxon.mu.khotProper Adj.
নিজে মুখ কৰি থকা দিশৰ কোনো এঠাইত ৷
In a forward place or position.
- সন্মোদনাত্মকProper Adj.
কোনো কথাৰ সন্মতি প্ৰকাশক বা গ্ৰহণ কৰা বিষয়ক ৷
Characterized by or displaying certainty, acceptance, or affirmation.
- সন্মোহিতxon.mo`.hitAdjective Adj.
কিবা শুনোতে বা চাওঁতে কাৰোবাৰ সম্পূৰ্ণ মনোযোগ তাতেই নিবদ্ধ হোৱা অৱস্হা৷
a condition when your attention is completely held by what you are listening, reading or watching.
- সপক্ষsapakṣaAdjective
কোনো এক পক্ষৰ ফলীয়া; অনুকূল; হিত চিন্তা কৰা; যেনে-"তেওঁৰ সপক্ষ মানুহ;" . ক্ৰি. বিণ. সপক্ষে।
siding with; friendly
- সপত্নীকsapatnīkaAdjective
যাৰ পত্নী আছে। ক্ৰি. বিণ. পত্নীসহ; সস্ত্ৰীক।
- সপাৰ্শ্চিকxo.par.sikProper Adj.
কোনো প্ৰচেষ্টাত অংশ লোৱা
Associated with or participate in an effort
- সপুত্ৰকsaputrakaAdjective
পুত্ৰ থকা; পুত্ৰবন্ত; সন্তান থকা; . সপুত্ৰ-বান্ধৰে ক্ৰি. বিণ. ল'ৰা-ছোবালী আৰু মিতিৰ- কুটুমেৰে সৈতে
having a son ; with family, friends and relations
- সপুষ্পকxo.pus.pokProper Adj.
যিবিলাক উদ্ভিদৰ ফুল থাকে আৰু ফুলৰ জৰিয়তে বংশ বৃদ্ধি কৰে।
refers to the plant that has flowers and utilize flowers as their reproductive mechanism.
- সপোনবিভোৰxo.po`n.bi.bho`rProper Adj.
কিবা চিন্তা কৰি আপোনভোলা হৈ থকা৷
a series of pleasant thoughts that distract one`s attention from the present.
- সপোনমগনxo.po`n.mo.gonProper Adj.
কিবা চিন্তা কৰি আপোনভোলা হৈ থকা৷
a series of pleasant thoughts that distract one`s attention from the present.
- সপোনমগ্নxo.po`n.mog.noProper Adj.
কিবা চিন্তা কৰি আপোনভোলা হৈ থকা৷
a series of pleasant thoughts that distract one`s attention from the present.
- সপ্ততিতমsaptatitamaAdjective
সত্তৰসংখ্যক।
- সপ্তদ্বীপাAdjective
সাতোটা দ্বীপ থকা; যেনে-"সপ্তদ্বীপা পৱথিবীৰ আছে যত লোক" (বিৰাটপৰ্ব্ব)।
- সপ্তমxop.tomProper Adj.
সাতৰ সংখ্যা পূৰ কৰা; ছয়ৰ পিচত আৰু আঠৰ আগৰ স্থান ৷
Coming next after the sixth and just before the eighth in position.
- সপ্তাহsaptāhaNoun
সাত দিন; ৰবিৰপৰা শনিলৈ সাত দিন; . সপ্তাহী বি. প্ৰতি সাত দিনত খবৰ, কোনো কথা বা হিছাপ জনোবা কাকত
a week ; a weekly report
- সপ্নবৎxop.no.botProper Adj.
অতি সুন্দৰ আৰু মনোগ্ৰাহী যাক বিশ্বাস কৰিবলৈ টান৷
so extraordinary that almost impossible to believe
- সপ্ৰতিভxo.pro.tibhProper Adj.
কাম-বন কৰি বা কোনো কাৰ্য্যত অংশ লৈ থকা ধৰণৰ।
Characterized by energetic work, participation, etc.
- সপ্ৰমাণsapramāṇaAdjective
সঁচা বুলি প্ৰমাণ হোবা
proved
- সফলxo.pholProper Adj.
আশা কৰা মতে ঘটা বা শেষ হোৱা; প্ৰচেষ্টা কৰা বা বিছৰা মতে অৰ্জন কৰা
happened or terminated according to desire; accomplished what is attempted or intended