কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লেটেঙাleṭeṅāAdjective
লেঙা; লাহী আৰু দীঘল
lean and long; thin and high
- লেতকেতীয়াlet.ke.ti.yaProper Adj.
তুলনামূলকভাৱে অধিক সান্দ্ৰতা গুণ থকা তৰল পদাৰ্থ|
Having a relatively high resistance to flow.
- লেতা-পেতাle.ta-pe.taVerbal Adj.
অলপীয়া বা দূৰ সম্বন্ধ থকা।
distantly or slightly related.
- লেতু-সেতুle.tu-xe.tuProper Adj.
নভঙাকৈ সহজে ভাঁজ লগাব পৰা ।
Something that can be easily bent
- লেতুসেতুletusetuAdjective
লেউসেউ; ঠৰঙা নোহোবা
flexible
- লেতেৰ-পেতেৰletera-peteraAdjective
অশুচি বস্ত্তৰে সানমিহলি; মলিন বস্ত্তৰে লেটিপেটি
mixed or tainted with dirty; or unclean things
- লেতেৰা-পেতেৰাle.te.ra-pe.te.raProper Adj.
ধূলি-মাকতি বা অদৰকাৰী বস্তুৰে পৰিপূৰ্ণ বা আৱৰি থকা।
soiled with dirt; filled with unwanted materials.
- লেতেৰা-মদাহীle.ta.ra-mo.da.hiProper Adj.
সুৰাৰ লগত সম্পৰ্ক থকা অথবা সুৰা থকা ৷
Of or relating to alcohol; characteristic of or containing alcohol.
- লেথাৰিlethāriNoun
লগা-লগি হৈ থকা বা হোবা অবস্হা
the state of standing or remaining contiguously
- লেথাৰি নিছিগাle.tha.ri ni.si.gaProper Adj.
একেৰাহে বহুত সময় ধৰি চলি থকা|
Uninterrupted in time and indefinitely long continuing.
- লেথাৰি-নিছিগাle.tha.ri-ni.si.gaProper Adj.
একেৰাহে বহুত সময় ধৰি চলি থকা|
Uninterrupted in time and indefinitely long continuing.
- লেথেৰ-গোবৰlethera-gobaraAdjective
ময়লা; জাবৰযুক্ত; যেনে-"আলহীয়ে ঘৰ খোটালি লেথেৰ-গোবৰকৈ থৈ গ'ল"
dirty; filthy
- লেথেৰিletheriNoun
লগা-লগি হৈ থকা বা হোবা অবস্হা
the state of standing or remaining contiguously
- লেধাledhāAdjective
গা-গধুৰ; খৰকৈ চলিব বা কাম কৰিব নোবৰা; লেহেম
heavy bodied; slow; sluggish
- লেপথেপlep.thepProper Adj.
তুলনামূলকভাৱে অধিক সান্দ্ৰতা গুণ থকা তৰল পদাৰ্থ|
Having a relatively high resistance to flow.
- লেপথেপীয়াlep.the.pi.yaProper Adj.
তুলনামূলকভাৱে অধিক সান্দ্ৰতা গুণ থকা তৰল পদাৰ্থ|
Having a relatively high resistance to flow.
- লেপলপীয়াlep.le.pi.yaProper Adj.
তুলনামূলকভাৱে অধিক সান্দ্ৰতা গুণ থকা তৰল পদাৰ্থ|
Having a relatively high resistance to flow.
- লেপলেপীয়াlepalepīẏāAdjective
"লেপা" চোবাঁ।
- লেপাlepāAdjective
কোমল হৈ লেপ বা লেওৰ দৰে হোবা বা লাগি ধৰা; লেপলেপীয়া; জেপেটীয়া
soft and sticky; of the consistency of mud or jelly
- লেপিতlepitaAdjective
লিপ্ত; লিপা; যেনে-"ৰুধিৰে লেপিত ৰাবণৰ সব অঙ্গ" (মা. ক., লঙ্কাকাণ্ড)।