কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভেমপুৰীয়াbhem.pu.ri.yaProper Adj.
আনক দেখুৱাই নিজকে বৰ ডাঙৰ ভাবি ভেমত ওফন্দি থকা ৷
characterized by an ostentatious display of dignity or importance.
- ভেমমৰাbhem.mo.raProper Adj.
আনক দেখুৱাই নিজকে বৰ ডাঙৰ ভাবি ভেমত ওফন্দি থকা ৷
characterized by an ostentatious display of dignity or importance.
- ভেমালbhe.malProper Adj.
নিজৰ সম্পৰ্কে এক অত্যন্ত উচ্চ অভিমত ৰখা।
having an excessively high opinion of oneself.
- ভেমেচাbhemecāAdjective
বৰ মেচা; ভেঙুৰা
crooked
- ভেমেচা-ভেঁমেচিbhe.me.sa-bhe~.me.siProper Adj.
ইংৰাজী W বা M আখৰটোৰ আকৃতিৰ, চিধা নোহোৱা কোনো ৰেখা, বাট বা আৰ্হি| পাহাৰীয়া পথৰ দৰে
A line, road or pattern which makes alternate repeated sharp turns, loooks like a series of the English letter W or M as it bends to the left and then to the right again
- ভেমেচা-ভেমেচিAdjective
ভেঙূৰা-ভেঙূৰি, মেচা-মেচি; বেঁকা-বেঁকি
having many bends
- ভেলেঙাbheleṅāAdjective
ভেদেঙা; ভেলেকা; অজলা
simple; foolish
- ভেৰণীয়াbheraṇīẏāAdjective
কেৰেয়া দি লোবা
hired; rented
- ভেৰাকুটীয়াbhe.ra.ku.tiyaVerbal Adj.
ভেৰাকুটি কৰা,ধেমেলীয়া
funny, claver and not serious.
- ভেৰেহাbherehāAdjective
মঙহাল বা গা ডাঙৰ কিন্ত্ত আটিল নোহোবা
fat and fleshy; bulky
- ভেৰেহা-পেটাbhe.re.ha-pe.taProper Adj.
পেট ডাঙৰ মানুহ।
Person with a protruding stomach.
- ভেৰোণীয়াbheroṇīẏāAdjective
কেৰেয়া দি লোবা
hired; rented
- ভেৰ্ম্মেঠীয়া, ভেৰ্ম্মেঠ পাত ্, ভেৰ্মেঠ পাত ্, ভেৰ্ম্মেঠ জোৰ্, ভেৰ্মেঠ যোৰ্Adjective
ঠেহ ধৰি কাম কৰিবলৈ অসম্মত হ
to be sulky and refuse to do anything
- ভৈৰবbhairabaAdjective
ভয়ঙ্কৰ
terrible
- ভৈৰৱbhoi.robProper Adj.
ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
able to cause fear or dread or terror
- ভোbhoAdjective
ডাঙৰ; শ্ৰেষ্ঠ (বিদ্ৰূপত); যেনে-তেওঁ ভো ভো পণ্ডিত
eminent (ironically used)
- ভোকাতুৰbho`.ka.turProper Adj.
ভোকৰ পৰা দুখ পোৱা
Having a desire, craving or need for food; feeling hunger, oppressed by hunger.
- ভোকালbhokālaAdjective
ভোক লগা
hungry
- ভোকীয়াbho`.ki.yaProper Adj.
ভোকৰ পৰা দুখ পোৱা
Having a desire, craving or need for food; feeling hunger, oppressed by hunger.
- ভোকোন্দাbhokondāAdjective
ওফোন্দা; উখহাৰ নিচিনা মঙহাল
fleshy; puffed