কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তোষামোদ কৰ্to’.xa.mo’d korVerb-Trans.
কাৰোবাক মন ভাল লগোৱা কথা কোৱা যাতে সেই কথা শুনি সন্তুষ্ট হৈ তেওঁ কওঁতাৰ কিবা উপকাৰ সাধে৷
to say nice, pleasant things but not in a sincere/honest way, to somebody so that s/he is pleased and does something for you.
- তোষ্toṣTransitive verb
সন্ত্তষ্ট কৰ্
to please; to satisfy
- তোড়্toṛTransitive verb
কাট্; ছেদ কৰ্; যেনে-"খাণ্ডাৰ প্ৰহাৰে আজি ৰিপু-শিৰ তোড়োঁ" (মা. ক. অযোধ্যাকাণ্ড)
to pierce; to sever
- তৌ তৌ কৰেtau, tau, kareAdverb
বৰ বেগাই; যেনে-"তৌ তৌ কৰে লৰ মাৰিছে"; . বৰ তপত হৈ; যেনে-"তৌ তৌ কৰে জ্বৰ উঠিছে"; "তৌ তৌ কৰে ৰ'দে ধৰিছে"
swiftly ; with severe heat
- তৌতৌবাIntransitive verb
অতি তপত হ; যেনে-"জ্বৰে তৌতৌবাইছে"।
- ত্বতিৰেAdverb
(পু. অ.) ত্বৰাই; শীঘ্ৰে
quickly
- ত্বৰিত হVerb-Trans.
দ্ৰুতিৰ পৰিৱৰ্তনৰ হাৰ বৃদ্ধি কৰা | কোনো কাম আদি খৰতকীয়া কৰা
Physics : To change the velocity of any moving object with respect to time. To cause to occur sooner than expected. To cause to develop or progress more quickly: a substance used to accelerate a fire.To reduce the time required for .
- ত্বৰিতেtwo.ri.teAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- ত্যক্ত কৰtyok.to korVerb-Trans.
কাৰোবাৰ কামত বাৰম্বাৰ বাধা জন্মাই শান্তি ভংগ কৰ্
to break the rest, calm or quiet by repeatedly interfering one`s actions
- ত্যজ্tyajTransitive verb
ত্যাগ কৰ্; বৰ্জন কৰ্।
- ত্যাগ কৰ্tyag korVerb-Trans.
মূল্যবান বা ইপ্সিত কোনো বস্তু সমৰ্পণ কৰা বা এৰি দিয়া।
to surrender something prized or desirable.
- ত্ৰাসিত কৰtra.xit korVerb-Trans.
কাৰোবাক বেছিকৈ ভয় খুওৱা
to frighten someone very much
- ত্ৰাহিtrāhiVerb
ৰক্ষা কৰাঁ
do save
- ত্ৰিপূৰণVerbal Noun
ত্ৰিপূৰণ, ভেক্টৰ ত্ৰিপূৰণ, স্কেলাৰ ত্ৰিপূৰণ
ত্ৰিপূৰণ, ভেক্টৰ ত্ৰিপূৰণ, স্কেলাৰ ত্ৰিপূৰণ
- ত্ৰিভদ্ৰVerbal Noun
পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।
The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur.
- ত্ৰুটি মাৰ্জ্জনা কৰ্tru.ti mar.jo.na korVerb-Trans.
কাৰোবাক শাস্তি বা প্ৰতিশোধৰ পৰা ৰেহাই দিয়া
to excuse one from punishment or revenge
- ত্ৰুটিপূৰ্ণভাৱেtru.ti.pur.no.bha.beAdverb
শুদ্ধকৈ নহয় বা অসঠিকভাৱে৷
In an improper manner; not properly.
- তৎকালতেtot.ka.lo.teAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- তৎকালিকtot.ka.likAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- তৎকালীনtot.ka.linAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.