কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আত্মনিবেশ কৰ্at.mo.ni.bex korVerb-Trans.
to give attention to a particular topic
- আত্মবধat.mo.bodhVerbal Noun
নিজক হত্যা কৰা কাৰ্য্য
the act of killing oneself
- আত্মবলিদানat.mo.bo.li.danVerbal Noun
কোনো সৎ কামত নিজৰ প্ৰাণ আহুতি দিয়া৷
sacrificing or ending one's own life for a cause.
- আত্মবিনাশat.mo.bi.naxVerbal Noun
নিজক হত্যা কৰা কাৰ্য্য
the act of killing oneself
- আত্মবিশ্লেষণ কৰ্at.mo.bis.le.xon korVerb-Trans.
নিজৰ দোষ গুণ বিৱেচনা কৰি চোৱা |
A reflective looking inward; an examination of one's own thoughts and feelings.
- আত্মবিসৰ্জনat.mo.bi.xor.jonVerbal Noun
কোনো সৎ কামত নিজৰ প্ৰাণ আহুতি দিয়া৷
sacrificing or ending one's own life for a cause.
- আত্মভূতVerbal Noun
খাদ্য হজম কৰা প্ৰক্ৰিয়া।
process of digesting.
- আত্মসমালোচনা কৰat.mo.xo.ma.lo`.so.na korVerb-Trans.
নিজৰ দোষ গুণ বিৱেচনা কৰি চোৱা |
A reflective looking inward; an examination of one's own thoughts and feelings.
- আত্মসমৰ্পণat.mo.xo.mor.ponVerbal Noun
পৰাজয় স্বীকাৰ কৰি আৰক্ষী বা শত্ৰুত ওচৰত নিজকে ধৰা দিয়া
the act or an instance of surrendering, i.e. giving (oneself) up, as to the police or enemy
- আত্মসমৰ্পণ কৰ্atmoxomorponVerb-Trans.
To give up or hand over oneself, esp. to enemy
- আত্মসাত্at.mo.xatVerbal Noun
নিজৰ জিম্মাত থকা চৰকাৰী বা ৰাজহুৱা ধন অসাধু বা অন্যায় ভাৱে ব্যৱহাৰ কৰা কাৰ্য্য
the act of wrongful or dishonest application, as funds entrusted to one's care
- আত্মসাত্ কৰ্at.mo.xat korVerb-Trans.
নিজৰ জিম্মাত থকা চৰকাৰী বা ৰাজহুৱা ধন অসাধু বা অন্যায় ভাৱে ব্যৱহাৰ কৰ্
to apply wrongfully or dishonestly, as funds entrusted to one`s care
- আত্মহননat.mo.hon.onVerbal Noun
নিজক হত্যা কৰা কাৰ্য্য
the act of killing oneself
- আতৰাātarāTransitive verb
আঁতৰ কৰ্; পৱথক কৰ্; নিলগ কৰ্
to remove; to separate
- আথাকেāthākeAdverb
অনবৰত; একেৰাহে; যেনে-"অতিশয় শোকে; আথাকে নখনে; লোতক বহে ৰাজাৰ" (মা. ক. অযোধ্যাকাণ্ড)।
- আথে-পষেāthe-paṣeAdverb
কেতিয়াবা কেতিয়াবা; মাজে মাজে; মাজে-সময়ে
now and then; occasionally
- আথে-বেথেa.the-be.theAdverb
বহু আদৰ সম্ভাষণেৰে কাৰোবাক সমাদৰ কৰা৷
receiving with respect.
- আদখনীয়াকৈad.kho.ni.ya.koiAdverb
কিবা এটা কামৰ এটা অংশ মাত্ৰ কৰা
done only part of a work
- আদখিনীয়াকৈad.khi.ni.ya.koiAdverb
কিবা এটা কামৰ এটা অংশ মাত্ৰ কৰা
done only part of a work
- আদান-প্ৰদান কৰ্a.dan-pro.dan korVerb-Trans.
এটা বস্তুৰ সলনি আন এটা ল
to change one item with another