কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অনাৱশ্যকভাৱেo.na.wo.syok.bha.beAdverb
প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷
in an unnecessary manner; without any necessity.
- অনাৱিষ্কৃতo.na.wis.kri.toAdverb
যিটো আৱিষ্কাৰ কৰা হোৱা নাই ।
that which is not invented or discovered yet
- অনিচ্ছাপূৰ্বকo.nis.sa.pur.bokAdverb
ইচ্ছাৰ বিৰুদ্ধে মন নোযোৱাকৈ কৰা কাম ৷
In an unwilling or uncooperative manner.
- অনিচ্ছাসত্বেওo.nis.sa.sot.teo’Adverb
ইচ্ছাৰ বিৰুদ্ধে মন নোযোৱাকৈ কৰা কাম ৷
In an unwilling or uncooperative manner.
- অনিবন্ধেanibandheAdverb
কথা এৰি; প্ৰতিজ্ঞা ভঙ্গ কৰি; নিয়ম ভাঙি
contrary to agreement; contrarywise to one's words; illegally
- অনিবাৰিতo.ni.ba.ri.toVerbal Adj.
যিটোক বাধা দিয়া হোৱা নাই
something that has not be checked
- অনিষ্টকৰণo.nis.to.ko.ronVerbal Noun
আনক কষ্ট দিয়া বা আনৰ অনিষ্ট সাধন কৰা কাৰ্য্য
an act causing pain or damage
- অনিয়মিতভাৱেo.ni.yo.mit.bha.beAdverb
প্ৰচলিত বা স্বীকৃত নিয়ম বা ৰীতি অনুসৰি নোহোৱা ধৰণে
in a manner, which is not according to rule, or to the accepted principle, method, course, order, etc.
- অনিয়মীয়াকৈo.ni.yo.mi.ya.koiAdverb
প্ৰচলিত বা স্বীকৃত নিয়ম বা ৰীতি অনুসৰি নোহোৱা ধৰণে
in a manner, which is not according to rule, or to the accepted principle, method, course, order, etc.
- অনিয়া-বপিৰাকৈaniẏā-bapirākaiAdverb
এজনে এবাৰ আনজনে এবাৰ কৰি
alternately; by turn
- অনিৰ্বাচিতo.nir.ba.si.toVerbal Adj.
কোনো সমিতি বা বিধান সভাৰ নিৰ্বাচনৰ জৰিয়তে বাচনি নকৰা সদস্য
A member of a committee or assembly not selected by election.
- অনিৰ্বাণo.nir.banVerbal Adj.
জ্বলি থকা, যি নুনুমায়
Burning constantly.
- অনিৰ্বাপিতo.nir.ba.pi.toVerbal Adj.
যাক নুমুৱা হোৱা নাই
which has not been put out
- অনিৰ্ব্বাচিতo.nir.ba.si.toVerbal Adj.
কোনো সমিতি বা বিধান সভাৰ নিৰ্বাচনৰ জৰিয়তে বাচনি নকৰা সদস্য
A member of a committee or assembly not selected by election.
- অনুকলনa.nu.ko.lonVerbal Noun
এক সমীকৰণ বা গাণিতিক ক্ৰিয়াৰ কলন নিৰূপণ কৰা কাৰ্য্য।
The operation of finding the integral of a function or equation, esp. solving a differential equation.
- অনুকূলন কৰ্onukoolon korVerb-Trans.
উপযোগী বা অনুকূল কৰি ল
To make suitable for a new use or condition
- অনুকৃতিo.nu.kri.tiVerbal Noun
অনুকৰণ কৰি কৰা কাম ।
The act of mimicking; the act of copying someone else behaviour.
- অনুকৃত্যায়নonu.kri.tya.yonVerbal Noun
জীৱৰ সংবৰ্দ্ধনৰ সময়ত DNA আদি জটিল অণুৰ সম্পূৰ্ণ সদৃশ অণু উৎপাদন কৰা প্ৰক্ৰিয়া
the production of exact copies of complex molecules, such as DNA molecules, that occurs during growth of living organisms
- অনুক্ষণanukṣaṇaAdverb
প্ৰতি মুহূৰ্ত্তে; সদায়
always
- অনুক্ষণেanukṣaṇeAdverb
প্ৰতি মুহূৰ্ত্তে; সদায়
always