কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফুচফুচphus.phusAbstract Noun
সৰুকৈ কথা পাতিলে হোৱাৰ নিচিনা শব্দ৷
a sound like that of whispering.
- ফুচুলনিNoun
মন ভুলাবৰ নিমিত্তে মনে মনে কোবা কথা; ফুচুলোবা কাৰ্য্য
secret persuations; act of seducing
- ফুচ্ফাচ্phucphācNoun
সৰু সৰুকৈ কথা কোবা কাৰ্য্য
act of whispering
- ফুটphuṭaNoun
ফুটা; ফলৰ ভিতৰৰ কোঁহ (টেঙা, কঠাল আদি)
a carpel; a division of the pulp of a fruit containing the seed
- ফুট-গধূলিphuṭa-gadhūliNoun
অলপ গধূলি। গধূলিৰ আৰম্ভ
dusk; the early evening
- ফুটকলাphuṭakalāNoun
ফুটুকা-গছৰ গুটি, "ফুটুকা" চোবাঁ
the fruit of a phutuka plant
- ফুটকিলাইphuṭakilāiNoun
দুটা গুটি লৈ তাৰে এটা লুকুবাই বিচাৰিবলৈ দি আনটো লুকুবাই প্ৰথমটো পোবাৰ পাছত দ্বিতীয়টো বিচাৰিবলৈ দি আকৌ প্ৰথমটো লুকুওবা খেল
a kind of game
- ফুটখাৰphuṭakhāraNoun
ফুটছাইত পানী দিলে তাৰপৰা জৰি ওলোবা খাৰণি; "খাৰ" চোবাঁ।
- ফুটছাইphuṭachāiNoun
তুঁহ আদি অতিশয়ৰূপে পুৰি মিহি হোবা ছাই
the powderlike ashes of burnt chaff
- ফুটনিphuṭaniNoun
ভেম; সাজ-পাৰ আদিৰে বা কথাৰে নিজক ডাঙৰ দেখুওবা কাৰ্য্য
show of vanity or pomp; boasting
- ফুটনি-বিন্ধনিphuṭani-bindhaniNoun
জোঙা বস্ত্তৰে খোঁচাৰ দৰে বেদনা বা ৰোগ; খোঁচনি-বিন্ধনি
a sharp pinching pain
- ফুটনীphuṭanīNoun
লেখী-ওকণী
the egg of a louse
- ফুটপাথphut.pathMaterial Noun
মূল পথৰ দুয়োকাষে খোজ কাঢ়ি যাবৰ কাৰণে সজা ঠেক বাট।
Walk consisting of a paved area for pedestrians; usually beside a street or roadway.
- ফুটফাটphuṭaphāṭaNoun
উবাদিহ; সম্ভেদ; অলপ সংবাদ
a trace or clue; a slight intimation
- ফুটবলphuṭabalaNoun
ভৰিৰে খেলা বল
football
- ফুটমনিয়াৰphuṭamaniẏāraNoun; Adjective
কোনো বস্ত্তৰ ফুট উঠিছে নে নাই বুজিব বা মনিব পৰা; চতুৰ; সুযোগ বুজিব পৰা (মানুহ)
clever and practical (man)
- ফুটাNoun
বিন্ধা
a puncture; a hole
- ফুটাphuṭāTransitive verb
বিন্ধা কৰ্; ফুটা কৰ্
to pierce; to perforate
- ফুটা কপালphu.ta ko.palAbstract Noun
ভাগ্য বেয়া হোৱা অৱস্থাটো৷
A bad luck that has caused a trouble.
- ফুটা-কড়িphuṭā-kaṛiNoun
ফুটা বা বিন্ধা থকা অৰ্থাৎ মূল্যহীন কড়ি বা আন বস্ত্ত
a worthless thing