কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আত পৰেAdverb
ইয়াৰ পাচে
after this
- আতংকিত কৰ্Verb-Trans.
কাৰোবাক বেছিকৈ ভয় খুওৱা
to frighten someone very much
- আতপৰেa.to.po.reAdverb
নিৰ্দ্ধাৰিত সময়ৰ পিছত |
Happening at a time subsequent to a reference time.
- আতিātiAdverb
অতিকৈ; অধিককৈ; অপৰিমিতৰূপে; বৰকৈ
greatly; excessively
- আতিকৈātikaiAdverb
অতিকৈ; অধিককৈ; অপৰিমিতৰূপে; বৰকৈ
greatly; excessively
- আতিথ্য কৰ্a.ti.thyo korVerb-Trans.
আদৰ-আশ্বাস কৰ্
to offer hospitality
- আতুৰ-বিতুৰকৈAdverb
বেগা-বেগিকৈ।
- আতেAdverb
বক্তা বা লেখক যি ঠাইত থাকে সেই ঠাইত ৷
In or at this place; where the speaker or writer is.
- আতৌ-পুতৌকৈa.tou-pu.tou.koiAdverb
বহু আদৰ সম্ভাষণেৰে কাৰোবাক সমাদৰ কৰা৷
receiving with respect.
- আত্ম-নিৱেদনVerbal Noun
কোনো সৎ কামত নিজৰ প্ৰাণ আহুতি দিয়া৷
sacrificing or ending one's own life for a cause.
- আত্ম-বিছাৰat.mo-bi.sarVerbal Noun
নিজৰ ভাব-অনুভুতি, চিন্তা-চৰ্চা আদিৰ সচেতন আৰু নিৰ্মোহ বিশ্লেষণ৷
the anxious, careful examination of your own thoughts,beliefs, feelings etc. (e.g. for self improvement or to be able to take a correct decision)
- আত্ম-সন্ধানat.mo-xon.dhanVerbal Noun
নিজৰ ভাব-অনুভুতি, চিন্তা-চৰ্চা আদিৰ সচেতন আৰু নিৰ্মোহ বিশ্লেষণ৷
the anxious, careful examination of your own thoughts,beliefs, feelings etc. (e.g. for self improvement or to be able to take a correct decision)
- আত্মগোপনVerbal Noun
নিজকে লুকুৱাই ৰখা কাৰ্য বা নিজৰ পৰিচয় লুকুৱাই ৰখা কাৰ্য
act of hiding oneself or going underground or the act of concealing one`s identity
- আত্মগোপন কৰ্at.mo.go’.pon korVerb-Trans.
দেখা বা আৱিষ্কাৰ হোৱাত বাধা দে ৷
to prevent from being seen or discovered
- আত্মগোপন হat.mo.go`.pon hoVerb-Intran.
লুকাই থকা কাৰ্য্য বা নিজৰ পৰিচয় লুকাই ৰখা৷
the act of hiding oneself or going underground.
- আত্মজাহat.mo.jahVerbal Noun
কোনো আদৰ্শ বা দাবীৰ সমৰ্থনত নিজকে উছৰ্গা কৰা (বা মৃত্যু বৰণ কৰা) কাৰ্য্য
voluntary sacrifice or denial of oneself, as for an ideal or another person
- আত্মজিজ্ঞাসাat.mo.ji.gya.xaVerbal Noun
নিজৰ ভাব-অনুভুতি, চিন্তা-চৰ্চা আদিৰ সচেতন আৰু নিৰ্মোহ বিশ্লেষণ৷
the anxious, careful examination of your own thoughts,beliefs, feelings etc. (e.g. for self improvement or to be able to take a correct decision)
- আত্মত্যাগat.mo.tyagVerbal Noun
আনৰ ভালৰ কাৰণে নিজৰ স্বাৰ্থ ত্যাগ কৰা কাৰ্য
sacrifice of one's interests, desires, etc., as for duty or the good of another.
- আত্মদানat.mo.danVerbal Noun
কোনো সৎ কামত নিজৰ প্ৰাণ আহুতি দিয়া৷
sacrificing or ending one's own life for a cause.
- আত্মনাশat.mo.naxVerbal Noun
নিজক হত্যা কৰা কাৰ্য্য
the act of killing oneself