কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাউসিhāusiNoun
বাঘে জন্ত্তক ধৰোঁতে কৰা শব্দ
the sound uttered by a tiger when attacking his prey
- হাওদাhāodāNoun
বহিবৰ নিমিত্তে হাতীৰ গাদীৰ ওপৰত বান্ধি লোবা কাঠৰ আসন
seat fixed on an elephant's back; a howdāh
- হাওবাhāobāNoun
[আ. হবা] "হাবা" চোবাঁ।
- হাওলাৎhāolātNoun
আগ-ধন; কোনো কাম কৰিবলৈ বা বস্ত্ত বেচিবলৈ আগতে লোবা ধন
an advance
- হাওৰhāoraNoun
পানীৰ প্ৰবল গতি; যেনে-"এই ফালে নৈৰ হাবৰ পৰিছে"।
- হাকhākaNoun
বাধা; বাৰণ; মানা; নিষেধ
prohibition
- হাক-বচনhak-bo.sonAbstract Noun
কোনো কাম নকৰিবলৈ দিয়া আদেশ বা উপদেশ |
The action of prohibiting or inhibiting or forbidding (or an instance thereof).
- হাকিমhākimaNoun
বিচাৰক; উচ্চ কৰ্ম্মচাৰী
a judge; a high official
- হাকিমNoun
চিকিৎসক; বেজ; বিদ্বান।
- হাকুল-বিকুলhākula-bikulaNoun
আকুলতা; মনৰ অশান্তি
flurry
- হাগনNoun
হগা কাৰ্য্য; শৌচ কৰা
the act of evacuating bowels
- হাগনিNoun
ঘনাই হগা বা শৌচ কৰা ব্যাধি
looseness of the bowels
- হাগনি-প্ৰসূতাhāgani-prasūtāNoun
প্ৰসূতীৰ ঘনে ঘনে শৌচ কৰি থাকিব লগা এবিধ ব্যাধি
a kind of disease attended with looseness of bowels peculiar to a mother of a newly born child
- হাগা-গেণ্ডেৰাhāgā-geṇḍerāNoun
গেৰেলা; শিয়ালৰ দৰে এবিধ জন্ত্ত।
- হাগুৰাha.gu.raCommon Noun
ঘনাই শৌচ কৰা মতা মানুহ (অভ্যাস বশতঃ বা কিবা ৰোগৰ বাবে)৷
a male who excretes frequently or several times a day (as a habit or due to some ailment).
- হাঙ্গিhāṅgiNoun
লগৰ বা সমান এজনে কোনো কাম নকৰা হেতু তাক কৰিবলৈ অমান্তি হোবা বা কৰা দেখি কৰিব খোজা কাৰ্য্যত বাগি
one who tries to excuse himself
- হাঙ্গৰha.ngorCommon Noun
হাংগৰ হ’ল সাগৰৰ প্ৰাণী৷ হাংগৰবোৰ অতি ভয়ানক আৰু সেইবাবে সিহঁতক দানৱ আখ্যাও দিয়া হয়৷ হাংগৰ থাকে সাগৰ-মহাসাগৰত৷ সাগৰত ২৫০ বিধমান হাংগৰ পোৱা যায়৷ সিঁহতৰ আকাৰ আৰু ৰং বেলেগ বেলেগ৷ আটাইতকৈ ডাঙৰ আকাৰৰ হাংগৰবোৰ ১৬ মিটাৰমান ডাঙৰ আৰু ১২০০ কিল’গ্ৰাম মানলৈকে ওজন হয়৷ আটাইতকৈ সৰু হাংগৰবিধ মাত্ৰ ৩০ চেণ্টিমিটাৰ দীঘল৷
Sharks are a group of fish characterized by a cartilaginous skeleton, five to seven gill slits on the sides of the head, and pectoral fins that are not fused to the head.
- হাঙৰha.ngorCommon Noun

- হাচঁটিha.so~.tiCommon Noun
তামোলৰ গামোছা, তামোল পান আদি বান্ধি লৈ ফুৰুৱা সৰু ঠেক কাপোৰ
a small narrow cloth for holding betel nuts carried around with a person
- হাজhājaNoun
মুছলমানৰ মক্কা-তীৰ্থ-গমন
pilgrimage of Mecca