কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লুণ্ঠিতAdjective
যিটো অপহৰণ কৰি নিয়া হৈছে।
- লুতপুতীয়াProper Adj.
প্ৰয়োজনতকৈ অধিক সম্পত্তি আহৰণ কৰিবলৈ বা খাদ্য খাবলৈ বিছৰা লোক।
immoderately desirous of acquiring wealth, wanting to eat more than enough.
- লুতুৰ-পুতুৰlutura-puturaAdjective
বোকাত পৰি বা বোকা লাগি লেটি-পেটি হোবা
smeared with mud
- লুতুৰাluturāAdjective
ইন্দ্ৰিয় সুখ বা সোবাদ বস্ত্তলৈ বৰকৈ লোভ কৰা (মন, স্বভাব, মানুহ আদি)
fond of dainty things or sensual pleasure
- লুতুৰি-পুতুৰিluturi-puturiAdjective
বোকাত পৰি বা বোকা লাগি লেটি-পেটি হোবা
smeared with mud
- লুথুৰীAdjective
মঙহাল; কোমল
soft; fleshy
- লুধুমীlu.dhu.miProper Adj.
অতিপাত শকত ছোৱালী/মহিলা |
An excessively fat woman.
- লুপথুপীয়াlup.thu.pi.yaProper Adj.
বোকাৰ দৰে কোমল আৰু সোপোকা।
of or like the consistency of paste or mud.
- লুপ্তluptaAdjective
লোপ পোবা; নাইকিয়া হোবা
disappeared; lost
- লুব্ধlubdhaAdjective
লুভীয়া
covetous
- লুভীয়াlubhīẏāAdjective
লোকৰ বস্ত্তলৈ বৰকৈ হেঁপাহ কৰা
covetous
- লুহুৰীProper Adj.
শৰীৰ আৰু মনৰ স্বাস্থ্য বৰ্ত্তি থকা, অৰ্থাত্ ৰোগ বা বিকাৰ মুক্ত।
Having or indicating good health in body or mind; free from infirmity or disease.
- লুৰলুৰীয়াluralurīẏāAdjective
লৰ্লৰীয়া।
- লুৰুমাlurumāAdjective
বাঢ়িব নোবৰা (ধান আদি)
stunted in growth
- লুৰ্ব্বুlurbbuAdjective
"লুঠুংঠুঙীয়া" চোবাঁ।
- লেংটাleng.taProper Adj.
কাপোৰ বা আৱৰণ নথকা
without clothes or covering
- লেংপেঙীয়াlempeṅīẏāAdjective
গা-গাঁৰি নথকা আৰু দীঘল (মানুহ)
tall and thin
- লেংলেঙীleng.lengiProper Adj.
বৰ বুঢ়া, ওখ আৰু ক্ষীণ (সাধাৰণতে এজোপা গছ, যেনে: তামোল)।
very old, tall and slender (usually a plant like beetal nut)
- লেংলেঙীয়াleṃleṅīẏāAdjective
লাহী আৰু লেঙা বা দীঘল (গছ ভৰি আদি)
high but slender
- লেউলেবাleulebāAdjective
লেও বা পাতল বোকাৰ দৰে
of the consistency of thin mud or plaster