কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এবম্ভূতebambhūtaAdjective
এনেকুবা; যেনে-"এবম্ভূত জ্ঞান সৰ্ব্বভুততে আত্মদৱষ্টি মোক্ষসাধন" (ক. গী.)।
- এবাইছebāichaAdjective
এপিটন; এসেকা
a thrashing or beating; punishment
- এবুকুebukuAdjective
বুকুৰ সমান দ বা ওখ
as high as the breast of a man; breast-deep
- এবুলীয়াebulīẏāAdjective
এবাৰ মাথোন ৰং বা বৰণ লগোবা
dyed or painted once only
- এবেলীয়াebelīẏāAdjective
আধা দিনৰ নিমিত্তে থকা; আধা-দিনীয়া; যেনে -"এবেলীয়া কাম; এবেলীয়া উপবাস"
lasting half a day
- এবৰীয়াebarīẏāAdjective
(নাবৰ) এটা বাৰ চাপৰ হেলনীয়া; একতীয়া
lop-sided
- এভাগe.bhagProper Adj.
(কিহবাৰ) এটা ভাগ বা অংশ।
one part (of something)
- এমনemanaAdjective
এনেকুবা
like this
- এমহীয়াe.mo.hi.yaAdjective Adj.
এমাহ হোৱা কোনো অনুস্থান
(of children, event etc.)one month old.
- এমুঠনe.mu.thonProper Adj.
এমুঠি দীঘল কোনো ব্যক্তি বা বস্তু৷
A thing having lenghth shown by fist.
- এমুঠাe.mu.thaProper Adj.
A group or bunch of stick or rod like objects bound together.
- এমুঠিe.mu.thiProper Adj.
হাতৰ মুঠিত যিমানখিনি ধৰে।
a small quantity, something which can be hold in a fist.
- এমূৰীয়াemūrīẏāAdjective
কোনো বস্ত্ত বা ঠাইৰ এমূৰত বা প্ৰান্তত থকা
living or existing at the furthest limit of a place
- এলা-পাকela-pakProper Adj.
কোনো কাৰণ বা ভিত্তি নথকা।
having no reason or basis.
- এলা-পেচাelā-pecāAdjective
এনেই বা অলপতে পাচ হোহকা; অলপ-ধতুবা; সামান্য; যেই সেই; ইতৰ; অবহেলাৰ পাত্ৰ
ordinary; mean; negligible; of no consequence
- এলা-বাদুelā-bāduAdjective
আলা-বাদু; অশুবনী; কামৰ অনুপযুক্ত
worthless
- এলাং-এথাংelām-ethāmAdjective
বিশৱঙ্খল
scattered
- এলাংএথাংe.lang.e.thangAbstract Noun
কোনো শৃংখলা নথকা; খেলি-মেলিকৈ থকা অৱস্থা।
lack of discipline or order.
- এলাই-জাঁপৰীelāi-jām̐parīAdjective
চুলি, কানি-কাপোৰ, গা আদি অপৰিষ্কাৰ ৰখা; গা-নতোবা; জধলা
slovenly and ugly; untidy
- এলাই-জাবৰীelāi-jābarīAdjective
চুলি, কানি-কাপোৰ, গা আদি অপৰিষ্কাৰ ৰখা; গা-নতোবা; জধলা
slovenly and ugly; untidy