কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এক-ৰাম-কালিeka-rāma-kāliAdverb
পূৰ্ব্বৰ কোনো এক কালত
formerly; once upon a time
- একগোট কৰ্ek.go`t korVerb-Trans.
কোনো বস্তু বেছি পৰিমাণে একেলগ কৰা, বিশেষকৈ টকা-পইচা বা তথ্য।
To get a large amount of sth., especially money or information in one place by great efforts.
- একগোট হek.go`t hoVerb-Intran.
To come together or combine, esp. for a common purpose or action
- একচিত্তেAdverb; Adjective
একচিতীয়া।
- একজোঁট হek.jo`~t hoVerb-Intran.
To come together or combine, esp. for a common purpose or action
- একত্ৰ হe.ko.tro hoVerb-Intran.
ইটোৰ লগত সিটোৰ সংস্পৰ্শ ঘটা, মিলিত হোৱা৷
to come together into one substance or group.
- একত্ৰতাe.ko.tro.taVerbal Noun
একে ঠাইত লগ হৈ থকা অৱস্থা
the state of being together in one place
- একত্ৰিত কৰ্e.ko.trit korVerb-Trans.
সকলোবোৰ অংশ ল’গ-লগাই সম্পূৰ্ণ কৰ্৷
To make into a whole by bringing all parts together.
- একত্ৰিত হe.ko.tri.to hoVerb-Intran.
ইটোৰ লগত সিটোৰ সংস্পৰ্শ ঘটা, মিলিত হোৱা৷
to come together into one substance or group.
- একত্ৰীকৰণ কৰ্ek.tri.ko.ron korVerb-Intran.
একত্ৰীত হোৱা বা কৰা ৷
to blend together; especially in gradual stages; To be sunk; swallowed up, or lost, to immerse; to sink; to absorb.
- একত্ৰেAdverb
একেলগে; একে ঠাইতে
together; in one place
- একতৰekataraAdjective
সান-মিহলি
mixed up confusedly' jumbled
- একথিৰেek.thi.reAdverb
আনফালে চকু নিদিয়াকৈ; এক দৃষ্টিৰে ৰ লাগি থকা৷
with the eyes fixed on one thing
- একদাekadāAdverb; Indeclinable
একে সময়তে; একেলগে; যেনে -"কলিত পৰম উপায় নাম। একদা সিজয় ত্ৰিতয় কাম।"
at the same time; simultaneously
- একবাক্যেekabākyeAdverb
বহুত লোকে এক মত হৈ
unanimously; in one voice
- একমত হek.mot hoVerb-Trans.
কোনো বিষয় সম্পৰ্কে সহমতত উপনীত হ।
To come into or be in accord, as of opinion.
- একমনে; একমনেৰেAdverb
যেনে-"একমনে শুনা হৰিৰ ধ্যান" (কীৰ্ত্তন)।
- একমুখেekamukheAdverb
একমত হৈ।
- একলগ হek.log.hoVerb-Intran.
To come together or combine, esp. for a common purpose or action
- একলশ্বৰেAdverb
(পু. অ.) অকলে; অকলশৰে; যেনে-"সমস্ত বস্ত্ত থৈয়া আইলো ঘৰে। আসিয়াছো মই একলশ্বৰে" (কীৰ্ত্তন)।