কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নকল নবিচno.kol no.bisCommon Noun
অক্ষৰ কলাত পাকৈত ব্যক্তি
a person who is skilled in calligraphy
- নকল নবিছno.kol no.bisCommon Noun
আৰ্হি চাই লিখা কেৰাণী
a person who transcribes copies, esp. of documents
- নকুলnakulaNoun
নেউল; চতুৰ্থ পাণ্ডব; শিব
a mongoose; name of the fourth Pāṇḍava; Śiva
- নক্তেnok.teCommon Noun
নক্তে জনগোষ্ঠীৰ লোকসকল তিৰাপ জিলাৰ মাজ ভাগত, ৱানছ’ সকলৰ পূবত বসবাস কৰে৷ তেওঁলোকৰ সমাজখন দুজন শক্তিশালী মুখিয়াল: নামচাঙ আৰু বৰদুৰীয়াৰ দ্বাৰা সুচাৰুৰূপে পৰিচালিত৷ তেওঁলোকে বৈষ্ণৱ ধৰ্ম মানি চলে আৰু অসমৰ নাজিৰাৰ বাৰেঘৰ সত্ৰৰ শিষ্য আছিল৷ বাৰেঘৰ সত্ৰৰ প্ৰতিষ্ঠাতা-সত্ৰাধিকাৰ শ্ৰী ৰাম দেৱ আতাৰ ঘনিষ্ঠ বন্ধু নগা নৰোত্তম তেওঁৰ প্ৰথম শিষ্য আছিল৷ ন’ক্তে জনগোষ্ঠীৰ লোকসকল মূলতঃ নিমখ উৎপাদনৰ বাবে পৰিচিত আছিল৷ নিমখেই তেওঁলোকৰ বেপাৰ আৰু বিনিময়ৰ মুখ্য সামগ্ৰী আছিল৷ তেওঁলোকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰিছিল৷ ইয়াৰ উপৰিও তেওঁলোকে ব্যৱসায়ৰ বাবে পাণ উৎপাদন কৰিছিল
A tribe is inhabited mainly in the central regions of the Arunachal Pradesh. Etymologically `Nocte` means "people living in an organized community". In the Ahom and early British periods Nocte tribes were referred to as Borduarias, Panduarias, Namsangia and Jaipurias. They had come into close contact with general people in the middle of the 19th Century. The Noctes belong to the Mongoloid type. Nocte tribes had close relation with the Naga tribal communities is a known fact. The society is divided into two - The Royal Lowang Kepi and the Tangmo. Each class consists of many lineage groups called `Ku` or `Ru`. The tribe as a whole is endogamous.
- নক্ষত্ৰnakṣatraNoun
তৰা
a star
- নক্ষত্ৰপাতMaterial Noun
কেতিয়াবা কেতিয়াবা মহাকাশৰ পৰা পৃথিৱীৰ বায়ুমণ্ডলত (আকাশত) বহুত উল্কা একেলগে প্ৰৱেশ কৰে৷ বিশেষকৈ ৰাতি যেতিয়া এই উল্কাবোৰ পৃথিৱীৰ আকাশমণ্ডলত প্ৰৱেশ কৰে তেতিয়া ই পৃথিৱীৰ মধ্যাকৰ্ষণৰ বাবে জোৰেৰে পৃথিৱীৰ বুকুলৈ নামি আহে৷ ফলত ই পৃথিৱীৰ বায়ুমণ্ডলৰ লগত প্ৰচন্দ সংঘৰ্ষৰ সৃষ্টি হৈ উজ্জ্বলি উঠে৷
A meteor shower is a celestial event in which a number of meteors are observed to radiate, or originate, from one point in the night sky. These meteors are caused by streams of cosmic debris called meteoroids entering Earth's atmosphere at extremely high speeds on parallel trajectories. A meteor shower is a spike in the number of meteors or "shooting stars" that streak through the night sky.Most meteor showers are spawned by comets. As a comet orbits the Sun it sheds an icy, dusty debris stream along its orbit. If Earth travels through this stream, we will see a meteor shower.
- নক্ষত্ৰপুঞ্জno.khyo.tro.pun.joProper Noun
তৰা তৰাৰ অৱশেষ গেচ ধূলিকণা অন্ধকাৰ পদাৰ্থ আদিৰ এটা থূপ, যাক মহাকৰ্ষনে বান্ধি ৰাখিছে।
A galaxy is a gravitationally bound system consisting of stars, stellar remnants, interstellar gas and dust, and dark matter. The word galaxy is derived from the Greek galaxia.
- নক্ষত্ৰবিদCommon Noun
জ্যোতিৰ্বিদ্যাৰ বিশেষজ্ঞ; মহাজাগতিক বস্তুসমূহৰ বৈজ্ঞানিক অধ্যয়নকাৰী
an expert in astronomy; a scientific observer of the celestial bodies
- নক্ষত্ৰবীথিno.khyot.tro.bi.thiProper Noun
তৰা তৰাৰ অৱশেষ গেচ ধূলিকণা অন্ধকাৰ পদাৰ্থ আদিৰ এটা থূপ, যাক মহাকৰ্ষনে বান্ধি ৰাখিছে।
A galaxy is a gravitationally bound system consisting of stars, stellar remnants, interstellar gas and dust, and dark matter. The word galaxy is derived from the Greek galaxia.
- নক্ষত্ৰমণ্ডলno.khyo.tro.mon.dolMaterial Noun
আপেক্ষিকভাৱে একেলগে থকা কিছুমান উজ্জ্বল নক্ষত্ৰৰ বিন্যাস৷
a perceived pattern formed by prominent stars within apparent proximity to one another.
- নক্সাnaksāNoun
লেখনীৰে তোলা আকৱতি; চিত্ৰ-পট; ছবি
a picture; a map
- নক্সাকাৰnaksākāraNoun
নক্সা বা ছবি আঁকোঁতা
draftsman
- নক্ৰnakraNoun
ঘঁৰিয়াল
crocodile
- নকৰnakaraNoun
চাকৰ; ভৱত্য
a servant
- নখnakhaNoun
ভৰি বা হাতৰ আঙুলিৰ মূৰৰ ওপৰফাল ঢাকি ধৰি গজি অহা হাড়ৰ নিচিনা চেপেটা ভাগ
a nail (of toe or finger)
- নখ-চন্দ্ৰnokh-son.droMaterial Noun
মানুহৰ নখৰ গুৰিৰ তলত থকা অৰ্দ্ধচন্দ্ৰ আকৃতিৰ বগা সাঁচ৷
crescent-shaped white spot at the root of a human nail.
- নখ-দৰ্পণNoun
কোনো বিষয়ে সম্যক্ জ্ঞান।
- নখচুকীয়াnokh.su.ki.yaProper Noun
সাধাৰণতে নখৰ চুকত হোৱা এবিধ বেমাৰ ৷
A disease that inflammation in a corner of nail.
- নখাণ্ডাno.khan.daProper Noun
ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে৷ পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে
Rivers Pohumara and Kaldia joins near Barpeta town to form river Nakhanda whereas Palla and Beki join with Nakhanda to ultimately form Chaulkhowa river.
- নখীAdjective
নখ বা হাতোৰা থকা (বাঘ আদি)
having sharp claws or nails