কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শক্তিৱন্তxok.ti.won.toProper Adj.
অসামান্য ৰাজনৈতিক প্ৰভাৱ থকা
having significant political influence
- শক্ষিতxo.khyitProper Adj.
বিপদত পৰি বা বিপদৰ সম্ভাৱনাৰ কাৰণে অতিশয় উত্তেজিত অথবা অস্থিৰ হোৱা
Highly agitated and in deep anxiety for the presence or imminence of danger
- শঙ্কনীয়śaṅkanīẏaAdjective
সন্দেহ বা ভয় কৰিব লগীয়া
doubtful; fit to be dreaded
- শঙ্কাকুলAdjective
ভয়াবহ; আপদগ্ৰস্ত
dangerous
- শঙ্কাজনকAdjective
সন্দেহজনক; আশঙ্কা লগা
doubtful; fearful
- শঙ্কাতুৰxong.ka.turProper Adj.
সহজে ভয়খোৱা, সাহপিত নথকা
lacking courage in facing danger, difficulty, opposition, pain, etc
- শঙ্কান্বিতxong.ka.nwitProper Adj.
বিপদত পৰি বা বিপদৰ সম্ভাৱনাৰ কাৰণে অতিশয় উত্তেজিত অথবা অস্থিৰ হোৱা
Highly agitated and in deep anxiety for the presence or imminence of danger
- শঙ্কাযুক্তxong.ka.juk.toProper Adj.
বিপদত পৰি বা বিপদৰ সম্ভাৱনাৰ কাৰণে অতিশয় উত্তেজিত অথবা অস্থিৰ হোৱা
Highly agitated and in deep anxiety for the presence or imminence of danger
- শঙ্কাহীনxong.ka.hinProper Adj.
বিপদ বা ভয়ৰ সন্মুখীন হ’ব বা মোকামিলা কৰিব পৰা সামৰ্থ্য থকা
able to face and deal with danger or fear
- শঙ্কিতśaṅkitaAdjective
ভয়যুক্ত; ভীত; ভয় খোবা
afraid
- শঙ্কু-আকৃতিৰxong.ku-akri.tirProper Adj.
আকৃতিত এটা শঙ্কুৰ দৰে, অৰ্থাৎ ভূমি চেপেটা, সমান, গাটো ঘূৰণীয়া আৰু ক্ৰমান্বয়ে শীৰ্ষৰ ফালে জোঙা।
having the form of, resembling, or pertaining to a cone.
- শঙ্কৰোত্তৰśaṅkarottaraAdjective
শঙ্কৰদেবৰ (1449-1568 ছন) পিছৰ কালত হোবা, বা ৰচনা কৰা, ইত্যাদি।
- শঠতাপূৰ্ণxo.tho.ta.pur.noProper Adj.
ঠগ, প্ৰবঞ্চক বা অসৎ যেন লগা
seeming to be deceitful or dishonest
- শণতাইśaṇatāiAdjective
তীক্ষ্ণ; চোকা; যেনে-"শণাইত ত্ৰিশূল সম দেখি লাগে ডৰ" (বিৰাটপৰ্ব্ব)।
- শণাইতxo.naitProper Adj.
ধাৰ থকা।
having a thin edge suitable for cutting.
- শণাইবাৰśaṇāibāraAdjective
শাণিত; তীক্ষ্ণ।
- শণিবৰীয়াxo.ni.bo.ri.yaAdjective Adj.
কেৱল শণিবাৰে হোৱা বা ওলোৱা ৷ যেনেঃ শণিবৰীয়া বজাৰ/ আলোচনী৷
something that happens or occurs only on Saturdays.
- শণ্ডxon.doProper Adj.
যৌন শক্তিহীন বা প্ৰজনন ক্ষমতাহীন (পুৰুষ)
(A male) unable to achieve an erection or having lack of sexual power or reproductive ability
- শতśataNoun
ত্ৰশ
a hundred
- শতকোটিxo.to.ko`.tiProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities