কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপলব্ধu.po.lob.dhoVerbal Adj.
মনেৰে বুজা,অকথিতভাৱে বুজি পোৱা
to be thoroughly familiar with; apprehend clearly the character, nature, or subtleties, to accept as true; believe
- উপলব্ধি কৰ্u.po.lod.dhi korVerb-Intran.
গুৰুত্ব, প্ৰভাৱ বা মূল্য অনুভৱ বা আয়ত্ব কৰ্
to grasp the significance, implications, or importance of
- উপলুঙাu.po.lu.ngaVerbal Noun
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate.
- উপশম কৰ্u.po.xom korVerb-Trans.
বিষ, মানসিক চাপ বা নিৰ্য্যাতনৰ দৰে বোজা বা দুৰ্য্যোগ পাতল বা হ্ৰাস কৰ্
to ease of a burden or distress, such as pain, anxiety, or oppression.
- উপশম ঘটাu.po.xom gho.taVerb-Trans.
বিষ, মানসিক চাপ বা নিৰ্য্যাতনৰ দৰে বোজা বা দুৰ্য্যোগ পাতল বা হ্ৰাস কৰ্
to ease of a burden or distress, such as pain, anxiety, or oppression.
- উপশম হu.po.xom hoVerb-Trans.
বিষ, মানসিক চাপ বা নিৰ্য্যাতনৰ দৰে বোজা বা দুৰ্য্যোগ পাতল বা হ্ৰাস কৰ্
to ease of a burden or distress, such as pain, anxiety, or oppression.
- উপশমন কৰ্upoxomon korVerb-Trans.
শক্তি, গাঢ়তা বা প্ৰাৱল্য হ্ৰাস হোৱা
To become less strong, severe or intense
- উপসংহাৰিVerb
(পু. অ.) শেষ কৰি; যেনে-"খওঁ উপসংহৰি বচন মহেশৰ" (ৰত্নাবলী)
concluding
- উপস্থাপনu.po.stha.ponVerbal Noun
কোনো কথা ডাঙি ধৰা বা উল্লেখ কৰা কাৰ্য্য
the act of put forward or mentioning of an idea
- উপস্থাপন কৰ্u.po.stha.pon korVerb-Trans.
কোনো ধাৰণা বা বুদ্ধি আলোচনাৰ বাবে বা বিবেচনাৰ বাবে আগবঢ়োৱা৷
to forward an idea for consideration, discussion, or adoption
- উপহাস কৰ্u.po.hax korVerb-Trans.
অসন্মানজনকভাৱে ব্যৱহাৰ কৰ্ বা হাঁহিয়াতৰ পাত্ৰ কৰ্
To behave with contempt and disrepestfully or mimic contemptously; make fun of or laugh at
- উপাধি-শূন্যu.pa.dhi-xu.nyoVerbal Adj.
প্ৰয়োজনীয় বিশিষ্ট গুণ নথকা।
lack of quality or essential distinctive characteristics.
- উপাষকu.pa.xokVerbal Adj.
যি (ভগবান বা আন দেৱ-দেৱীৰ) পূজা বা অৰ্চ্চনা কৰে ৷
one, who worships, i.e. shows profound religious devotion and respect to (God, gods, godesses etc.).
- উপাসনা কৰ্u.pa.xo.na korVerb-Trans.
ভগৱান, দেৱতা বা আন পূজনীয় বস্তুত উদ্দেশ্যে প্ৰাৰ্থনা আওৰা
To utter or address a prayer or prayers to God, a god, or another object of worship
- উপাস্upāsTransitive verb
পূজা কৰ্; ভজ্; সেবা কৰ্; বৰকৈ খাট্; ভক্তি কৰ্
worship; serve; adore
- উপাস্Transitive verb
উপাসা কৰ্।
- উপাস্তিu.pas.tiVerbal Noun
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.
- উপায় নেপাইu.pai ne.paiAdverb
অন্য গতি বা উপায় নথকাত ৷
having no other means or alternative.
- উপায়হীন হu.pay.hin hoVerb-Intran.
কোনো বস্তু পাবৰ বা কোনো কাৰ্য্য কৰিবৰ উপায় নষ্ট হ
to lack help or protection, have no way.
- উপাৰিupāriIntransitive verb
উৎপাৰি; উভালি; যেনে-"পৰম দুৰ্জ্জয় বলে বীৰ্য্যে অতিচাৰ। পৰ্ব্বতক উপাৰিয়া কৰন্ত প্ৰহাৰ" (মা. আদিকাণ্ড)
digging up; uprooting