কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অক্ষয়-তূণNoun
যি টোনৰ কাঁড় কেতিয়াও শেষ নহয়।
- অক্ষয়-থালীNoun
সূৰ্য্যক আৰাধনা কৰি দ্ৰৌপদীয়ে পোবা থালী [তাৰ এনে গুণ বুলি কয় যে দ্ৰৌপদীয়ে তাত যিহকে ৰান্ধে, সেয়ে অক্ষয় হয় আৰু নিজে নেখায় মানে অসংখ্য লোকক তাৰ বস্ত্ত খুবালেও সি অন্ত নপৰে।]।
- অক্ষয়-নিধিakṣaẏa-nidhiNoun
কোনো বিশেষ উদ্দেশ্য-পূৰণৰ বাবে আগ বঢ়োবা সম্পদ
endowment fund
- অক্ষয়-পুঁজিakṣaẏa-pum̐jiNoun
কোনো বিশেষ উদ্দেশ্য-পূৰণৰ বাবে আগ বঢ়োবা সম্পদ
endowment fund
- অক্ষয়-বটakṣaẏa-baṭaNoun
প্ৰয়াগ, গয়া, জগন্নাথ প্ৰভৱতি তীৰ্থস্হানত থকা বহুকলীয়া বট গঠ [এইবোৰ গছ কেতিয়াও নমৰে আৰু সিহঁতক পূজিলে অক্ষয় পুণ্য হয় বুলি হিন্দুবে বিশ্বাস কৰে।]।
- অক্ষয়-বন্তিo.khyoy-bon.tiMaterial Noun
হিন্দু মঠ-মন্দিৰত অনিৰ্দিষ্ট কাল ধৰি জ্বলাই ৰখা চাকি
a sacred lamp kept burning indefinitely, especially in a Hindu temple
- অক্ষয়-বস্তিakṣaẏa-bastiNoun
মঠ-মন্দিৰাদিত সদায় জলাই ৰখা বস্তি বা চাকি
an ever-burning sacred lamp
- অক্ষয়-বৱত্তakṣaẏa-bawattaNoun
(ভূগোল) নিৰক্ষ-বৱত্তৰ সমান্তৰাল আৰু সেই বৱত্তৰপৰা উত্তৰে আৰু দক্ষিণে সমান দূৰত থকা কাল্পনিক বৱত্ত সমূহ; অক্ষৰেখা
parallel of latitude
- অক্ষয়-ভঁৰালakṣaẏa-bham̐rālaNoun
যি ভঁৰালৰপৰা যিমান দিয়া যক লাগে, তেও ক্ষয় নহয় [সাধাৰণতে ধনী আৰু দানী লোকৰ সম্পত্তিৰ পৰিমাণ বুজাবলৈ ব্যবহাৰ কৰা হয়।]
inexhaustible wealth
- অক্ষয়ধামo.khyy.dhamAbstract Noun
ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷
The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.).
- অক্ষয়লোকo.khyy.lo’kAbstract Noun
ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷
The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.).
- অক্ষৰakṣaraNoun
পৰমাত্মা; পৰমেশ্বৰ; ব্ৰহ্ম; অব্যক্ত ব্ৰহ্ম
the universal soul
- অক্ষৰ কলাAbstract Noun
লেখাৰ লগত জড়িত দৃশ্য কলা
Visual art related to writing
- অক্ষৰ চিত্ৰণAbstract Noun
এটা বিশেষ ৰং, শৈলী আদি প্ৰয়োগ কৰি লিখা
writing in a particular colour, style etc.
- অক্ষৰ বিন্যাসMaterial Noun
A setup of software and hardware designed to create documents of mass publications.
- অক্ষৰ সঞ্চালনAbstract Noun
ভাঙি নতুনকৈ জোৰা লগোৱা শব্দৰ সমস্তি
word or sentence formed by rewriting
- অক্ষৰ-জীবীakṣara-jībīNoun
লেখাৰু; কাকত-পত্ৰ লিখি জাবকা চলোবা বোক; কেৰাণি; মহৰী
professional writer; a clerk
- অক্ষৰ-জীৱীo.khyor-ji.wiCommon Noun
কাকত-পত্ৰ লিখি জীৱিকা অৰ্জা লোক
Person employed to keep records, accounts, etc.
- অক্ষৰ-পুৰুষakṣara-puruṣaNoun
জীবাত্মা [অক্ষৰ বা ব্ৰহ্মই জীবৰ দেহত সংসাৰৰ সুখ, দুখ ভোগ কৰে, গতিকে জীবাত্মাৰ নাম অক্ষৰ-ভোক্তা; "ভোক্তা জীবক অক্ষৰ পুৰুষ বুলি" (ক.গী.)]।
- অক্ষৰ-বিলুপ্তিAbstract Noun
লিখনিত কোনো আখৰ বা শব্দাংশ বাদ পৰা
the omission of a letter or syllable in writing