কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভুখাৰিbhukhāriAdjective
বৰ ভোক লগা; যেনে-"আজো হামো বৰহি ভুখাৰি" (বৰগীত)।
- ভুটকুৰাbhuṭakurāAdjective
কটীয়া; চুটি
dwarf in stature
- ভুমুকাভুমুকিbhu.mu.ka.bhu.mu.kiProper Adj.
আঁৰৰ পৰা সঘনে মুখ উলিয়াই আকৌ লুকোৱা কাৰ্য ৷
the act of alternately showing and hiding the face behind something.
- ভুলbhulaNoun
পাহৰণ; ভ্ৰম
forgetfulness
- ভুৰভুৰীয়াbhur.bhu.ri.yaProper Adj.
সহজে ভাঙি সৰু সৰু গুৰি কৰিব পৰা৷
easily broken into small fragments or reduced to powder.
- ভুৰুকা-গলাAdjective
ওফোন্দা-গলা
having swollen cheeks
- ভুৰ্ভুৰীয়াbhurbhurīẏāAdjective
ঢিলা; চহাবলৈ উজু; ফচ্ফচীয়া
soft; friable
- ভুৱনমোহনbhu.bon.mo’.honProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- ভুৱাbhu.waAdjective Adj.
সত্য বা প্ৰকৃত তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নোহোৱা বক্তব্য
refers to a statement which is contrary to fact or truth
- ভূ-গাণিতিকbhu-ga.ni.tikProper Adj.
প্ৰায়োগিক গণিতৰ সেইটো ভাগ সম্বন্ধীয়, যি এখন দেশৰ একোটা বৃহৎ অঞ্চলৰ আকাৰ আৰু কালি নিৰ্ণয়, ভৌগোলিক স্থানৰ নিৰ্দ্দিষ্ট অৱস্থিতি নিৰ্ণয়, আৰু পৃথিৱীৰ আকাৰ, বিস্তৃতি আদি নিৰ্ণয়ৰ সৈতে জড়িত।
pertaining to the applied mathematics that deals with the measurement of the shape and area of large tracts of country, the exact position of geographical points, and the curvature, shape, and dimensions of the earth.
- ভূ-পতিতbhu-po.titVerbal Adj.
যুদ্ধত পৰাজয় হৈ মাটিত পৰি যোৱা।
fallen to the ground (after being defeated in a fight).
- ভূ-ভৌতিকbhu-bhou.tikProper Adj.
ভূ-ভৌতিক বিজ্ঞান অৰ্থাৎ ভূতত্বৰ যিটো শাখাই পৃথিৱী আৰু ইয়াৰ বায়ুমণ্ডলৰ পদাৰ্থ বিজ্ঞানৰ অধ্যয়ন সূচায়, তাৰ সৈতে জড়িত।
related to geophysics, i.e. the branch of geology that deals with the physics of the earth and its atmosphere.
- ভূ-স্থানিকbhu-stha.nikProper Adj.
পৃথিৱীৰ কেন্দ্রৰ পৰা বিষুৱৰ ওপৰত ২২,৩০০ মাইল (৩৫,৯০০ কিলোমিটাৰ) দূৰত থকা (উপগ্রহ বা অন্য কোনো যন্ত্র), যাক পৃথিৱীৰ পৰা আপেক্ষিকভাৱে স্থিতিশীল যেন দেখা যায়।
of or pertaining to a satellite traveling in an orbit 22,300 miles (35,900 km) above the earth's equator: at this altitude, the satellite's period of rotation, 24 hours, matches the earth's and the satellite always remains in the same spot over the earth.
- ভূকাম্পিকbhu.kam.pikProper Adj.
ভূইকঁপ সম্পৰ্কীয়
Related to Earthquakes
- ভূকেন্দ্ৰিকbhu.ken.drikProper Adj.
পৃথিৱীক কেন্দ্ৰ কৰি
centering round the earth
- ভূগৰ্ভস্থVerbal Adj.
ভূ-গৰ্ভত থকা অৰ্থাৎ মাটিৰ তলত থকা
under the level of the ground or under the Earth`s crust
- ভূতbhūtaAdjective
অতীত; গত; হৈ যোবা
past
- ভূতপূৰ্বbhūtapūrbaAdjective
আগৰ; আগেয়ে থকা বা হোবা
existing before; the former or preceding
- ভূতপূৰ্ব্বbhūtapūrbbaAdjective
আগৰ; আগেয়ে থকা বা হোবা
existing before; the former or preceding
- ভূতাত্বিকbhu.ta.twikProper Adj.
পৃথিৱী সম্পৰ্কে কৰা চৰ্চ্চা আৰু বিজ্ঞানৰ সৈতে জড়িত
pertaining to the science and the study of the Earth