কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাৰি চাপৰ বাজcāri, cāpara, bājaAdjective
সীমাৰ বাজ, অৰ্থাৎ সকলো প্ৰকাৰ সম্পৰ্ক নথকা
having no communication or connection whatever
- চাৰি-থনীয়াcāri-thanīẏāAdjective
চাৰিখন খালি পতা (শৰাধ)
consisting of four separate masses of rice, etc., for offering arranged on sheaths of plantain (said of śrāddha ceremony)
- চাৰি-দঁতিয়াcāri-dam̐tiẏāAdjective
আগৰ চাৰিটা পিয়াহ খোবা দাঁত সৰি নকৈ গজা (গৰু)।
- চাৰিচকীয়াsa.ri.so.ki.yaProper Adj.
চাৰিটা চকা থকা|
having four wheels.
- চাৰিঠেঙ্গীয়াsa.ri.theng.giyaProper Adj.
চাৰিখন ঠেং থকা জন্তু|
An animal, especially a mammal, having four feet.
- চাৰিত্ৰিকsa.ri.trikProper Adj.
চৰিত্ৰ সম্বন্ধীয় বা নৈতিক চৰিত্ৰৰ সৈতে জড়িত
of or relating to one`s moral character
- চাৰিতৰপীয়াAdjective Adj.
চাৰিটা অংশেৰে গঠিত
consisting of four parts
- চাৰিপৰীয়াsa.ri.po.riyaProper Adj.
চাৰি পৰ থকা (দিন বা ৰাতি)৷
Consisting of four praharas or watches (as in a day or in a night).
- চাৰিভাগৰ এভাগsa.ri.bha.gor e.bhagProper Adj.
চাৰিভাগৰ এক অংশ।
one out of four equal parts.
- চাৰিসন্ত্ৰীয়াcārisantrīẏāAdjective
আহোম ৰজাই স্হাপন কৰা অসমৰ চাৰিখন (আউনীআটি, দক্ষিণপাট, গড়মূৰ আৰু কুৰুবাবাহী) প্ৰধান সন্ত্ৰ-সম্পৰ্কীয়
pertaining to the group of four sattras of Assam, viz., Aunīāti, Dakṣiṇpāt, Gaḍamūr, Kuruwābāhī
- চাৰিয়েকcāriẏekaAdjective
চেৰেক; চাৰিওকৈ অলপ কম বা বেছি; চাৰিটামান; অনিশ্চিত সংখ্যাৰ কিছু
little less or more than four in number; a few; some
- চাৰীcārīAdjective
সামান্যা বা নীচ তিৰোতা, "নিলাজী বৈৰিণীচাৰী মৰিবাক যাহা" (মা. ক., অযোধ্যাকাণ্ড)।
- চাৰুদৰ্শনsa.ru.dor.xonProper Adj.
দেখিবলৈ শুৱনি বা আকৰ্ষণীয় (পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য)।
good looking or attractive (refers to a man).
- চাৰেকcārekaAdjective
চেৰেক; চাৰিওকৈ অলপ কম বা বেছি; চাৰিটামান; অনিশ্চিত সংখ্যাৰ কিছু
little less or more than four in number; a few; some
- চাৱলsa.wolProper Adj.
এফাললৈ হাউলি থকা |
Having an oblique or slanted direction; something inclined to one direction.
- চিঁচিৰাcim̐cirāAdjective
চিঞা।
- চিঁয়াcim̐ẏāAdjective
শলিৰ নিচিনাকৈ সৰু আৰু দীঘল; চিঞা।
- চিকচিকিয়াsik.si.ki.yaProper Adj.
having a shiny or lustrous surface
- চিকচিকীয়াProper Adj.
having a shiny or lustrous surface
- চিকটাcikaṭāAdjective
বেগাই নিছিগা; লিকটা
tough; tenacious