কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লেটিয়াTransitive verb
ধূলি, বোকা আদিত চোঁচোৰাই নি; . সানমিহলি কৰ্
to draw along the ground; to trail ; to mix up
- লেট্leṭIntransitive verb
লোট্; মাটি ছুই ঘঁহান খাই যা; মাটিত পৰি চুঁচৰি যা (কাপোৰ)
to trail along the ground
- লেঠিয়াleṭhiẏāTransitive verb
প্ৰকাশকৈ নকৈ ভাবেৰে কোনো এজনলৈ দোষ ঠেল্
to blame by implication
- লেঠিয়া-লেঠিle.thi.ya-le.thiVerbal Noun
পৰস্পৰ দোষ দিয়া; এজনে আনজনক দোষ দিয়া কাৰ্য্য
the act of implicating one another
- লেতা-পেতাle.ta-pe.taVerbal Adj.
অলপীয়া বা দূৰ সম্বন্ধ থকা।
distantly or slightly related.
- লেথাৰি নিছিগাকৈle.tha.ri ni.si.ga.koiAdverb
in succession,one after another
- লেনিয়াle.ni.yaVerb-Intran.
মৰম লগাবলৈ কোমল আৰু দীঘলকৈ কথা ক
to speak in a soft tone with a view to exciting affection
- লেন্ লগা, লেনিয়াIntransitive verb
মৰম লগাবলৈ কোমল আৰু দীঘলকৈ কথা ক
to speak in a soft tone with a view to exciting affection
- লেপ দেlep deVerb-Trans.
কাৰোবাক বা কিহবাৰ ওপৰত থুপথুপীয়া, আলতীয়া বস্তু সনা৷ শৰীৰৰ চালত ক্ৰীম বা বেৰত চিমেন্ট, চোতালত গোবৰ মিহলোৱা আলতীয়া মাটি আদি সনা ৷ যেনে: মৰণা মাৰিবলৈ আজি চোতালখন লেপিব/ লিপিব লাগিব৷ বেৰখনত লেপ দিব পাৰিবিনে? মজিয়াখন লেপ/ লিপচোন৷
to cover somebody, something with a sticky substance.
- লেপেটা কাঢ়্le.pe.ta karhVerb-Intran.
ভৰি দুটা কোঁচাই তপিনা মাটিত পাৰি বহ্
to sit on the hams with the legs curled up
- লেবলেবাlebalebāIntransitive verb
কেপ্কেপা; লপ্লপা; অস্পষ্ট কথা ক
to prattle; to talk indistinctly
- লেবেজানle.be.janVerbal Adj.
বহু সময় কষ্টকৰ কাম কৰাৰ পাচত ভাগৰ আৰু আমনি লগা
tired and bored, usually because you have had too much of something
- লেব্লেবাleb.le.baVerb-Intran.
নিৰৱচ্ছিন্ন ভাৱে অৰ্থহীন কথা ক
to speak non-stop without logic and consistency.
- লেমিনেশ্ব’নle.mi.ne.so``nVerbal Noun
এটা তৰপৰ ওপৰত আন এটা তৰপ হৈ থকা অৱস্থা ৷
laminated structure; arrangement in thin layers.
- লেলহুlelahuTransitive verb
ল'লে; যেনে-"শঙ্খচূড় লেলহু প্ৰাণ" (বৰগীত)।
- লেলাlelāTransitive verb
দুখ-ভাগৰত মুখৰ ৰষ উলিয়া, ভাগৰত জিভা উলিয়া
to drop saliva, to roll the tongue
- লেলাই-ধেন্দাইlelāi-dhendāiAdverb
অতি কষ্টেৰে; কোনোমতে
with difficulty
- লেলেটিয়াleleṭiẏāIntransitive verb
মুখৰ লালটি উলিয়া
to drop saliva
- লেল্-পেল্কৈAdverb
continuously; incessantly
- লেহুlehuNoun
এবিধ বাম মাটিত হোবা বন
a kind of coarse grass