কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চালে চকু-ৰোৱাsa.le so.ku-ro`.waVerbal Adj.
যাক দেখিলে মনত আনন্দ লাগে।
lovely or pleasing to behold.
- চাল্salVerb-Trans.
চালনী লৰাই বা ঘুৰাই ভাল-বেয়া বা ডাঙৰ-সৰু ভাগ বেলেগ কৰ্
to separate and retain the coarse parts of (flour, ashes, etc.) with a sieve
- চাহীনীsa.hi.niVerbal Noun
লোকৰ বস্তুৰ পৰা মনে মনে লোৱা ক্ষুদ্ৰ এভাগ ।
A small portion pilfered.
- চাৰখাৰ কৰsar.khar korVerb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- চাৰিওফালsa.rio`.phalAdverb
কোনো এটা বস্তু বা স্থানৰ কেন্দ্ৰৰ পৰা তাৰ চাৰিও দিশত৷
in all directions from a center or point of reference.
- চাৰিওফালেcāriophāleVerb; Noun
চতুৰ্দিশে
all around
- চাৰে-ঘাৰেcāre-ghāreAdverb
লাভ-হানি দুইকো ধৰি; লোকচান বাদ দি; যেনে -"চাৰে-ঘাৰে দহ টকা লাভ হ'ল"
making allowance for loss; nett
- চাৱনsa.wonAbstract Noun
চকুৰে লাভ কৰা ইন্দ্ৰিয়ানুভূতি বা চকুৰ সংবেদন ক্ষমতা
the act or power of sensing with the eyes
- চিকণকৈAdverb
উত্তমৰূপে; ভালকৈ; সুন্দৰৰূপে
nicely
- চিকণাTransitive verb
নিকা কৰ্; নিৰ্ম্মল কৰ্; পৰিষ্কাৰ কৰ্; অঁতা; . কৱদ
to clean; to clear
- চিকমিকাsik.mi.kaVerb-Intran.
কঁপি থকা যেন লগা পাতলীয়া পোহৰ দেখুওৱা৷
to shine with a soft light that seems to quiver.
- চিকিচিকিcikicikiAdverb
এচিকটা এচিকটাকৈ; একণ একণকৈ
pinch by pinch
- চিকিৎসা কৰ্Verb-Trans.
কোনো লোকৰ সৈতে এক বিশেষ ধৰণে ব্যৱহাৰ কৰ্ (বিশেষকৈ ৰোগীক ঔষধ আদিৰ দিহা দে)
to act or behave toward (a person) in some specified way (particularly medical care of a patient)
- চিকুটsi.kutVerbal Noun
দুটা আঙুলিৰ নখেৰে চেপি দুখ দিয়া কাৰ্য্য৷
the act of squeezing the skin with the tips of the fingers
- চিকুট্si.kutVerb-Trans.
দুটা আঙুলিৰ নখেৰে চেপি দুখ দে
to squeeze with the finger nails
- চিকুণ কৰ্si.kun korVerb-Trans.
ধূলি-মাকতি বা জাবৰ-জোঁথৰ আঁতৰ কৰা
to remove dirt or impurities
- চিকুণাsi.ku.naVerb-Trans.
ধূলি-মাকতি বা জাবৰ-জোঁথৰ আঁতৰ কৰা
to remove dirt or impurities
- চিকোটcikoṭaTransitive verb
দুই নখেৰে চেপি দুখ দি
to pinch
- চিকোট মাৰ্Transitive verb
চিকোট।
- চিকোট্si.ko`tVerb-Trans.
দুটা আঙুলিৰ নখেৰে চেপি দুখ দে
to squeeze with the finger nails