কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মঞ্জিষ্ঠাmañjiṣṭhāNoun
এবিধ ৰঙা লতা; মজাঠি।
- মঞ্জিৰাmon.ji.raMaterial Noun
সাধাৰণতে ওজাপালি বা কীৰ্ত্তনৰ সময়ত ব্যৱহৃত এবিধ সৰু আকাৰৰ তাল
a kind of cymbal of very small size
- মঞ্জীৰmañjīraNoun
ভৰিৰ অলঙ্কাৰ; নূপুৰ
a tinkling ornament for the feet
- মঞ্জীৰাmañjīrāNoun
এবিধ নিচেই সৰু খুটি-তাল
a kind of cymbal of very small size
- মঞ্জুলmañjulaNoun
সুন্দৰ, মধুৰ; যেনে-"মঞ্জুল মধুৰ মুকতি সুখ সাগৰ" (বৰগীত)।
- মঞ্জুৰmañjuraNoun
মান্তি; গ্ৰাহ্য কৰা; eng >acceptance/eng>.
- মঞ্জুৰীmon.ju.riAbstract Noun
আনে কৰা বা প্ৰস্তাৱ কৰা কামৰ প্ৰতি সহমত
compliance in or approval of what is done or proposed by another
- মঞ্জূষmañjūṣaNoun
পেৰা; কাঠৰ বাকচ; ; যেনে-"তপ কৰে ঋষি সাগৰ জলে। লোহাৰ মঞ্জূৰ চাপিলা কোলে" (মনকৰ)।
a box
- মঞ্জৰিNoun
অঙ্কুৰ; গজালি
shoot; sprout
- মঞ্জৰীNoun
অঙ্কুৰ; গজালি
shoot; sprout
- মটকmaṭakaNoun
টাই-মঙ্গোলীয় গোষ্ঠীৰ এজাতি অসমীয়া।
- মটমটনিmaṭamaṭaniNoun
কাঠ, বাঁহ আদি টান খাই উঠা শব্দ।
- মটীয়া শোষNoun
এজাতি শোৰ ৰোগ।
- মটীয়া ৰঙাmo.ti.ya rongaProper Noun
ধোঁৱা বৰণীয়া মটীয়া ৰঙ (<i>চিত্ৰ চাওঁক</i>)|
A colour or pigment varying around a light grey-brown colour (<i>refer picture</i>).
- মটুকাmaṭukāNoun
তুলসীৰ ফুল
the flower of the holy basil
- মট্মটmaṭmaṭaNoun
কাঠ, বাঁহ আদি টান খাই উঠা শব্দ।
- মটৰmaṭara
বিদ্যুত্-চালিত যন্ত্ৰ, যাৰ সহায়েৰে আন যন্ত্ৰ চলোবা হয়
motor
- মটৰ গাড়ীmo.tor ga.riMaterial Noun
যন্ত্ৰচালিত স্থল পথত চলাব পৰা বাহন।
A road vehicle powered by an engine.
- মটৰ চাইকেলmo.tor sai.kelMaterial Noun
ইঞ্জিন থকা দুচকীয়া বাহন
A bicycle with a motor or engine.
- মটৰ-গাড়ীmaṭara-gāṛīNoun
মটৰৰ সহায়ত চলা যান; হাবাগাড়ী
motor-car