কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খপুবাkhapubāNoun
কোনো ঠাইলৈ যাওঁতে বাটত কিছু বেলি ৰোবা কাৰ্য্য
a halt or stopping on a march
- খপ্জপনিNoun
খপ্জপ্ কৰা কাৰ্য্য।
- খপ্জপ্khapjapNoun
কি কৰোঁ কি নকৰোঁ বিতত হোবা; বিচেষ্টা হোবা
state of being puzzled; state of being out of one's wits
- খপ্পৰAbstract Noun
মালিকীস্বত্ত্ব থকা বা নথকাকৈ কোনো বস্তু বা সম্পত্তি অধিকাৰ কৰি থকা৷
actual holding or occupancy, either with or without rights of ownership.
- খপ্ৰাkhaprāNoun
খোঁক; চুক; আঁৰল ঠাই
a retreatl a secluded place or corner
- খপৰ-জপৰkho.por-jo.porAbstract Noun
কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
urgent need of quick action;
- খপৰাkho.po.raAbstract Noun
কোনো কোঠা, পথাৰ বা অঞ্চলৰ এফালৰ সৰু অংশ৷
a corner, a secluded place
- খবংkhabamNoun
দ পানীত কোনো গোটা বস্ত্ত পৰোঁতে বা ভোৰ- তাল বজাওঁতে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by the fall of some heavy thing into water or by a pair of large cymbals
- খবাষ্পkho.bas.poMaterial Noun
বায়ুমণ্ডলৰ জলীয় বাষ্প ঘনীভূত হৈ, বিশেষকৈ ৰাতি, যিকোনো শীতল পৃষ্ঠত গোট খোৱা সৰু সৰু কণিকা
moisture condensed from the atmosphere, esp. at night, and deposited in the form of small drops upon any cool surface
- খবুবাkhabubāNoun
বেৰ বা দুবাৰৰ দাঁতিত লগাই বন্ধা বা কামোৰ মাৰি ধৰি থকা খোলা বাঁহ
a grooved bamboo fixed on the sides of a bamboo or reed wall or door
- খবুৱাkho.bu.waMaterial Noun
বেৰ বা দুৱাৰৰ দাঁতিত বন্ধা ফলা বাঁহ
a grooved bamboo fixed on the sides to cover the edges of a wall or door made of bamboo
- খবৰkhabaraNoun
বাতৰি; বাৰ্ত্তা; সমাচাৰ; সংবাদ
news
- খবৰ কাকতkho.bor ka.kotMaterial Noun
দৈনিক অথবা সাপ্তাহিক প্ৰকাশিত কাকত য’ত প্ৰাসাঙ্গিক খবৰ, চিন্তন, আলোচনা, প্ৰৱন্ধ আদি থাকে৷
A publication, usually issued daily or weekly, containing current news, editorials, feature articles, and usually advertising
- খবৰ কাগজkho.bor ka.gojMaterial Noun
দৈনিক অথবা সাপ্তাহিক প্ৰকাশিত কাকত য’ত প্ৰাসাঙ্গিক খবৰ, চিন্তন, আলোচনা, প্ৰৱন্ধ আদি থাকে৷
A publication, usually issued daily or weekly, containing current news, editorials, feature articles, and usually advertising
- খবৰ-কাকতNoun
বাতৰি-কাকত
newspaper
- খবৰ-কাগজNoun
বাতৰি-কাকত
newspaper
- খবৰদাতাkho.bor.da.taCommon Noun
পইচা লৈ আনৰ বিষয়ে কোনো গোপন তথ্য যোগান ধৰোঁতা ৷
a person who informs against another, esp. for money or other reward.
- খবৰা-খবৰিNoun
পৰস্পৰ সংবাদ লোবা-লুই; এজনে আনজনৰ খবৰ লোবা কাৰ্য্য
inter-changing of news between two person; mutual correspondence
- খমkhamaNoun
কাপোৰ আদিৰ দুই মূৰ মোকোটাই বান্ধি কৰা টোপোলা
a bundle made with a cloth the two ends of which are fastened together
- খমলাkhamalāNoun
খলমা; গোট মাৰি বা শুকাই টান হোবা জুলীয়া পদাৰ্থ; . অক. দা
coagulated fluid