কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাকোহ্bākohTransitive verb
আঁচুৰি ঘা লগা
to scratch
- বাক্bākTransitive verb
ঢাল্; পাত্ৰ কাতি কৰি বোবাই দি বা লালী নিছিগাকৈ পেলা
to pour
- বাক্যৰচনাba.kyo.ro.so.naVerbal Noun
শব্দৰ যথাযথ প্ৰয়োগেৰে বাক্য লিখা কাৰ্য৷
The act of generating a meaningful sentence with proper arrangements of the words.
- বাখ্যা কৰba.khya korVerb-Trans.
কোনো কথাৰ বিষয়ে বহলাই কোৱা৷
to talk about something in detail in order to make people understand
- বাগতি কোবাba.go.ti ko`.baVerb-Intran.
পোনপটীয়াকৈ সঁচা কথা নকৈ বিভ্ৰান্ত কৰিবলৈ ঘূৰাই-পকাই ক ।
Be deliberately ambiguous or unclear in order to mislead or withhold information.
- বাগি দেba.gi deVerb-Trans.
আন এজনে নকৰিলে (কোনো কাম) কৰিবলৈ অমান্তি হ
to refuse to do (something) unless someone else do
- বাগি ধৰাba.gi dho.raVerbal Adj.
লগৰজনে সহযোগ বা সহায় নকৰিলে নিজেও কৰিবলৈ মান্তি নোহোৱা৷
refusing to do a work unless others also assist or co-operate.
- বাগৰাTransitive verb
বাগৰ খুবা; লুটিয়াই পেলা
to cause to rol or turn over
- বাগৰি পৰ্ba.go.ri porVerb-Trans.
কিবা এটা বস্তু ওলোটাই দে বা ঠেলি মাটিত পেলাই দে
to turn or cause something upside down ( specially used for boats or ships)
- বাগৰ্bāgarIntransitive verb
তললুটি ওপৰ আৰু ওপৰলুটি তল হৈ ঘূৰ্ বা গতি কৰ্
to roll
- বাগৰ্ba.gorVerb-Intran.
বিচনাত ইলুটি-সিলুটি কৰ্ বা বিচনাত পৰি আৰাম কৰ্।
to turn over on a bed or to casually relax on a bed.
- বাঘ-ঢকা দেbagh-dho.ka deVerb-Trans.
হাত মুঠি মাৰি বা হাতৰ তলুৱাৰে কাৰোবাক/কাৰোবাৰ পিঠিত বৰ জোৰেৰে আঘাত কৰ
(informal use) to hit/strike somebody very hard, usually (on the back) with your closed hand/palm
- বাচি যাba.si jaVerb-Intran.
বিপদৰ পৰা এৰা পৰ্ অথবা ক্ষতি নোহোৱাকৈ থাক্
to succeed in avoiding (any threatened or possible danger or evil)
- বাচ্bācIntransitive verb
জীয়াই থাক্
to live
- বাছনি কৰ্ba.so.ni korVerb-Trans.
বিকল্পৰ মাজত বাছনি কৰা
To pick as the best or most suitable
- বাছি থাক্ba.si thakVerb-Intran.
জীৱন অব্যাহত ৰাখ্
to be alive; to continue life
- বাছি লbāchi, laTransitive verb
বছতৰ মাজত ভালটো বাছি ল
to select
- বাছ্bāchTransitive verb
এবিধৰপৰা অইন বিধ বেলেগ কৰ্; বেয়া অংশ এৰি ভাল অংশ ল
to select
- বাজি উঠ্bāji, uṭhIntransitive verb
কোনো একপক্ষৰ ফলীয়া হৈ কথা ক বা তৰ্ক কৰ্
to speak or argue on behalf of a party
- বাজী ধৰ্ba.ji dhorVerb-Trans.
কোনো কথাৰ পূৰ্বানুমান এনেভাৱে কৰা যাতে পূৰ্বানুমান সত্য হ’লে কৰোঁতাজন লাভান্বিত হ’ব
the act of predicting something with the assurance that a correct prediction will result in a material gain to the one who predicted correctly