কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দীৰ্ঘনিশ্বাসdir.gho.nis.waxVerbal Noun
দুখ, চিন্তা বা স্বস্তি প্ৰকাশ কৰি শব্দ হোৱাকৈ নিশাহ এৰা কাৰ্য্য।
the act of letting out one's breath audibly, as from sorrow, weariness, or relief.
- দীৰ্ঘায়িত কৰ্dir.gha.yi.to korVerb-Trans.
কিহবাক আগতকৈ দীঘল কৰা৷
to make something longer.
- দুঃখগ্ৰস্তduh.kho.gros.toVerbal Adj.
বেদনাত কাতৰ বা পীড়িত
suffering from mental or emotional distress
- দুঃখিত ভাৱেduh.khi.to bha.beAdverb
দুখ বা অসুখী মনেৰে কিবা কৰা
do sth with sorrow or unhappiness
- দুঃসাহস কৰ্duh.xa.hoxVerb-Trans.
কোনো বিপদজনক কাম কৰিবলৈ সাহ কৰা ৷
to have courage to do a dangerous task
- দুআVerbal Noun
গাখীৰ খীৰোৱা কাৰ্য ।
The process of taking milk from a cow, etc.
- দুখ পাdukh paVerb-Intran.
দেহৰ কোনো অংশত বেদনা অনুভৱ কৰ্
to feel pain in a part of the body
- দুখ প্ৰকাশ কৰdukh pro.kax korVerbal Noun
দোষ স্বীকাৰ কৰি ক্ষমা কৰিবলৈ অনুৰোধ কৰা৷
to say (to somebody else) that one is sorry for doing something wrong or causing a problem; to make an apology
- দুখ প্ৰকাশ কৰ্dukh pro.kax korVerb-Intran.
গভীৰ দুখ বা অনুতাপ অনুভৱ বা প্ৰকাশ কৰ্
feel or show deep sorrow or regret for (a dead person, a lost thing, a past event )
- দুখিতdu.khi.toVerbal Adj.
কোনো কথাৰ বাবে মনত বেজাৰ পোৱা।
mentally hurt due to some reasons.
- দুখেdukheAdverb
দুখত; দুখেৰে; দুখত থাকি বা পৰি
in distress
- দুখেৰেdu.khe.reAdverb
দুখ বা অসুখী মনেৰে কিবা কৰা
do sth with sorrow or unhappiness
- দুগুণ কৰ্Verb-Trans.
বৰ্তমান সংখ্যা বা পৰিমাণতকৈ বৃদ্ধি কৰি সমান সংখ্যা বা পৰিমাণ যোগ দে
to increase the number or quantity two-fold
- দুগ্ধদানVerbal Noun
ওহাৰ বা স্তনৰপৰা গাখীৰ ওলোৱা
the secretion of milk by the mammary glands
- দুচেওdu.seoVerbal Adj.
যাক কোনো চোকা অস্ত্ৰেৰে কাটি খণ্ড কৰা বা ছেদন কৰা হৈছে
which has been made into pieces by any sharp weapon
- দুটুকুৰাdu.tu.kuraVerbal Adj.
যাক কোনো চোকা অস্ত্ৰেৰে কাটি খণ্ড কৰা বা ছেদন কৰা হৈছে
which has been made into pieces by any sharp weapon
- দুনাইAdverb
আকৌ; দ্বিতীয় বাৰ; পুনৰায়
again
- দুনে-মূলেdune-mūleAdverb
মূলৰ দুগুণ কৰি; মূলৰ দুগুণ পৰিমাণে; যেনে-"সি ধাৰে দিয়া টকা দুনে-মূলে তুলিলে"
with profit
- দুপিয়াই যাVerb-Intran.
এটা ভৰিৰে জপিয়া
to jump with one leg
- দুপিয়াdupiẏāIntransitive verb
দোপ দি; দোপ মাৰ্; ভৰিৰে হেঁচা মাৰ্
to press down with the feet