কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাঁওফাঁওhām̐ophām̐oNoun
জালৰ দৰে অতি মিহি মিহি বিন্ধাযুক্ত জন্ত্তৰ বুকুৰ ভিতৰত থকা দুচলা ৰঙচুবা মঙহ [তাত নিশ্বাস-প্ৰশ্বাসৰ বায়ু ওলাই-সোমাই তেজ পৰিষ্কাৰ কৰে।]
the lungs
- হাঁওৰণিhām̐oraṇiNoun
গোঁজৰণি; চিয়ঁৰ; ; অক. ধা. হাঁওৰিয়া, হাঁওৰি মাৰ্, হাঁওৰণি মাৰ্ গোঁজৰ্; চিয়ঁৰ্
howling; growling; roaring ; to howl; to growl; to roar
- হাঁকাল-বিকালhām̐kāla-bikālaNoun
ভাত-কাপোৰৰ অভাবত হোবা কষ্ট
the distress occasioned by the want of the necessaries of life
- হাঁকুটিhām̐kuṭiNoun
গছৰ ওপৰৰ গুটি আদি পৰা বা দূৰৈৰ বস্ত্ত টানি-আঁজুৰি ওচৰলৈ অনা বৰশীৰ দৰে আগ-আঁকোৰা দীঘলামাৰি; আঁকুহি
a long hooked pole used for seizing and pulling something
- হাঁকুটি-পেলুhām̐kuṭi-peluNoun
হাঁকুটিৰ দৰে মুখ থকা এবিধ মানুহৰ পেটত ওপজা সৰু পেলু বা পোক
the hook-worm
- হাঁকুটীha~.ku.tiMaterial Noun
কোনো বস্তুত লগাই তাক টানি অনা আগ-বেঁকা দীঘল মাৰি ৷
a long stick with a hook at the end used for seizing and pulling anything.
- হাঁকোটাhām̐koṭāNoun
বস্ত্ত আঁৰি থ'বৰ নিমিত্তে ব্যবহাৰ কৰা চুটি হাঁকুটি বা আগ-আঁকোৰা খুঁটি
a hook for suspending articles from
- হাঁকোটা-পেলুha~.ko`.ta-pe.luCommon Noun
পোষক (মানুহ বা অন্য জন্তু)ৰ অন্ত্ৰ ভিতৰৰ আৱৰণখনত আঘাত কৰিবলৈ মুখত হাঁকুটিৰ দৰে অঙ্গ থকা এবিধ সৰু ঘূৰণীয়া পেলু ৷ ইহঁতে পোষকৰ তেজ শুহি খায় ৷
any of several parasitic nematode worms of the family Ancylostomatidae that have strong buccal hooks or plates for attaching to the host`s intestinal lining and that include serious bloodsucking pests
- হাঁচটি খেলha-so-ti khelAbstract Noun
A puzzle with printed grid of squares and blanks for vertical and horizontal words to be filled in from clues
- হাঁচতিhām̐catiNoun
মুখ মোচা বা তামোল-পাণ বন্ধা সৰু কাপোৰ; ৰুমাল
a small piece of cloth for holding betelnuts, etc.; a handkerchief
- হাঁচিhām̐ciNoun
নাকৰপৰা শব্দ কৰি বেগেৰে ওলোবা বায়ু
a sneeze
- হাঁচিয়তী বনhām̐ciẏatī, banaNoun
শুঙিলে নাকত জন্ জন্ কৰে ধৰা আৰু হাঁচি তোলা এবিধ ক্ষুদ্ৰ বন-শাক
a kind of herb which excites sneezing
- হাঁতোৱাহha~.to’.wahMaterial Noun
এহাতেৰে ধৰি কাঠ চঁচা এবিধ সৰু চাঁচন |
A small axe with a short handle used with one hand (usually to chop wood).
- হাঁফলুha~.pho.luMaterial Noun
পৰুৱা বা উঁইয়ে খান্দি বা বাহ সাজি সৃষ্টি কৰা মাটি, বালি বা ধূলিৰ এক ঢাপ|
A mound of soil, sand, or dirt formed by ants or termites in digging or building a nest.
- হাঁফোলাhām̐pholāNoun
দুই বাহু মেলি গা আগ বঢ়াই আঁকোবালি ধৰিব খোজা কাৰ্য্য (সাঁতোৰাত, ল'ৰা-ছোবালী কোলালৈ আহিব খোজাত)
the act of throwing the body forward or advancing with the arms extended as if to embrace
- হাঁহhām̐haNoun
ঠোট চেপেটা, ভৰিৰ পতা ছালেৰে জোৰাখোবা এবিধ পানীত চৰা ঘৰচীয়া বা বনৰীয়া চৰাইৰ সাধাৰণ নাম [ইয়াৰ অনেক উপজাতি আছে; যেনে-"ৰাজ-হাঁহ; পাতি-হাঁহ; পানী-হাঁহ"]
the generic name of web-footed, flat-billed birds
- হাঁহ-পাৰha~h-pa.roCommon Noun
বিশেষকৈ কণী আৰু মাংসৰ বাবে পোহা চৰাই, যেনেঃ হাঁহ, পাৰ, ৰাজহাঁহ আদি
domesticated fowl collectively, especially those valued for their meat and eggs, as chickens, turkeys, ducks, geese, and guinea fowl
- হাঁহ-পোৱালিha~.h po.wa.liCommon Noun
কণীৰ পৰা ফুটি ওলোৱা হাঁহৰ পোৱালী৷
The juvenile or young one of a duck.
- হাঁহচৰাha~h.so.raProper Noun
যোৰহাট জিলাৰ এখন গাঁও৷
A village in Jorhat district.
- হাঁহনNoun
হঁহা কাৰ্য্য
act of laughing; laugh; laughter