কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সংযোগী ভাষাxong.jo.gi bha.xaAbstract Noun
যেতিয়া মাতৃভাষা নোহোৱাকৈ কোনো এটা তৃতীয় ভাষা আন ভাষা-ভাষী লোকৰ বাবে যোগাযোগৰ বা ভাব বিনিময়ৰ একমাত্ৰ মাধ্যম হয়৷ যেনেঃ অৰুণাচল আৰু নাগালেণ্ডৰ বিভিন্ন ভাষা কোৱা মানুহৰ বাবে অসমীয়া সেঁতু বা সংযোগী ভাষা৷
a third language used to make communication possible between speakers of two different languages who do not share a common mother tongue, e.g. Assamese is a lingua franka for speakers of different languages of Nagaland and Arunachal Pradesh.
- সংযোজনxong.jo’.jonAbstract Noun
কোনো বস্তু বঢ়োৱা কাৰ্য্য বা প্ৰক্ৰিয়া
the act or phenomenon of increasing or making sth more
- সংযোজিতাxong.jo`.ji.taVerbal Noun
সংযোগ হৈ থকা বা সংযোগ স্থাপন কৰিব পৰা অৱস্থা।
the state of being or being able to be connected.
- সংলগ্ন কাকতVerbal Noun
চিঠিৰে সংলগ্ন বস্তু
something enclosed with a letter.
- সংলাপsaṃlāpaNoun
আলাপ; নাটকৰ কথোপকথন
conversation; dialogue
- সংলাপীxong.la.piAbstract Noun
কথোপকথনকাৰী, উত্তৰ প্ৰত্যুত্তৰ কৰোঁতা
a person who takes part in a conversation or dialogue
- সংলেপxong.lepVerbal Noun
দুটা বা ততোধিক বস্তৰ, ঘটনা অথবা মানুহৰ মাজত থকা সম্পৰ্ক|
A relation between things or events (as in the case of one causing the other or sharing features with it).
- সংশপ্তকsaṃśaptakaNoun
কৱষ্ণৰ নাৰায়ণী সেনাৰ এটা ভাগ; যেনে- "সূশৰ্স্মাক আদি কৰি সংশপ্তক গণ" (শ্ৰীকৱষ্ণগীতা)
division of Krsna's army
- সংশোধনxong.xo’.dhonAbstract Noun
কোনো নথি বা সিদ্ধান্ত আদিত কৰা সাল-সলনি
Minor alteration or addition in a document, resolution, etc.
- সংশ্লেষxong.slexVerbal Noun
দুটা বা ততোধিক বস্তৰ, ঘটনা অথবা মানুহৰ মাজত থকা সম্পৰ্ক|
A relation between things or events (as in the case of one causing the other or sharing features with it).
- সংশ্লেষণxongs.le.xonVerbal Noun
কৃত্ৰিম উপায়েৰে প্ৰস্তুতকৰণ
preparation of something artificially
- সংশ্ৰৰsaṃśraraNoun
সংসৰ্গ; সম্পৰ্ক
connection
- সংশ্ৰৱxong.srobVerbal Noun
অতি অন্তৰঙ্গভাৱে একেলগে বাস কৰা
living together in an intimate relationship
- সংশয়saṃśaẏaNoun
অঠাবৰ; আশঙ্কা; সন্দেহ; ভয়; . বিণ. সংশয়ী। সংশয় কৰ্। সংশয়াত্মা সন্দেহযুক্ত আত্মা বা প্ৰাণ; যেনে-"সবাতো কৰি সংশয়াত্মা সৰ্ব্বথা নষ্ট হয়" (ক., গী.)। সংশয়াপন্ন বিণ. আশঙ্কা লগা; সন্দেহ-যুক্ত
doubt; uncertainty; fear ; doubtful; diffident
- সংষ্পৰ্শxong.spor.xoAbstract Noun
the communication with someone
- সংসক্তিxong.xok.tiAbstract Noun
কোনো অভ্যাস, বিশেষকৈ ৰাগীয়াল বস্তু সেৱনৰ ওপৰত কৰা অস্বাভাৱিক নিৰ্ভৰতা।
the condition of being abnormally dependent on some habit, esp compulsive dependency on narcotic drugs.
- সংসতিAbstract Noun
the act of sticking together.
- সংসদী গণতন্ত্ৰxong.xo.di go.no.ton.troAbstract Noun
বিধানমণ্ডলৰ দ্বাৰা পৰিচালিত গনতান্ত্ৰিক শাসনব্যৱস্থা ৷
A parliamentary democracy is one in which the people choose representatives at regular elections. These representatives are responsible for a number of functions.
- সংসদীয় গণতন্ত্ৰxong.xo.di.yo go.no.ton.troAbstract Noun
বিধানমণ্ডলৰ দ্বাৰা পৰিচালিত গনতান্ত্ৰিক শাসনব্যৱস্থা ৷
A parliamentary democracy is one in which the people choose representatives at regular elections. These representatives are responsible for a number of functions.
- সংসাধনxong.xa.dhonVerbal Noun
প্ৰ্য়োজনীয় তথ্য আহৰণৰ বাবে বা কোনো বিশেষ কাম সমাধা কৰিবৰ বাবে নিৰ্দিষ্ট পদ্ধতি অৱলম্বন কৰা কাৰ্য্য
The act of taking something through an established and usually routine set of procedures to convert it from one form to another, processing data, as a manufacturing procedure, such as processing milk into cheese. Processing can also refer to administrative procedure such as processing paperwork to grant a mortgage loan.