কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গণিত-শাস্ত্ৰgo.nit-xas.troAbstract Noun
বিজ্ঞানৰ কেইটিমান সংলগ্ন বিষয়, যেনেঃ পাটীগণিত, জ্যামিতি, অৱকলন, অনুকলন আদিৰ সমূহীয়া অধ্যয়ন ৷ ইয়াতে সাংকেতিক চিহ্নৰ সহায়ত নম্বৰ, পৰিমাণ, আকাৰ আৰু স্থান আদি বুজোৱা হয় ৷
A group of related sciences, including algebra, geometry, and calculus, which use a specialized notation to study number, quantity, shape, and space.
- গণিতজ্ঞgo.ni.to.gyoProper Noun
গণিতশাস্ত্ৰত বিদগ্ধ ব্যক্তি ।
A person skilled in mathematics.
- গণিতাgaṇitāNoun
গণনা; লেখ কৰা; যেনে-"বীৰ-গণিতাত গণিবেক সাতো আগে" (মা. ক. সুন্দৰাকাণ্ড)।
- গণিতীয় মাধ্যAbstract Noun
the central tendency of a collection of numbers taken as the sum of the numbers divided by the size of the collection
- গণিয়ৰীgaṇiẏarīNoun
এবিধ আওকাঠী বনৰীয়া মজলীয়া আকাৰৰ গছ; কৰ্ণিকা
a small tree the wood of which is used in attrition for producing flame; Premna spinosa
- গণেশgaṇeśaNoun
গজানন।
- গণেশগুৰিgo.nes.gu.riProper Noun
গুৱাহাটী মহানগৰীৰ উল্লেখযোগ্য স্থান৷
An important place of Guwahati city.
- গণ্ডgaṇḍaNoun
গঁড়
a rhinoceros
- গণ্ডকgon.dokCommon Noun
আফ্ৰিকা আৰু এছিয়াত বাস কৰা ৰাইন’চেৰ’টিডি পৰিয়ালৰ অন্তৰ্গত এটা বা দুটা খড়্গ থকা স্তন্যপায়ী জন্তু; সকলো গঁড়েই লুপ্তপ্ৰায় প্ৰাণী৷ এখৰ্গীয়া গঁড় কেৱল অসমতহে পোৱা যায়।
any of several large, thick-skinned, perissodactyl mammals of the family Rhinocerotidae, of Africa and India, having one or two upright horns on the snout: all rhinoceroses are endangered. One horned Rhino is endemic to Assam.
- গণ্ডকীgaṇḍakīNoun
নেপাল দেশৰপৰা ওলাই আহি গঙ্গাত পৰা এখন নৈ।
- গণ্ডকূপgaṇḍakūpaNoun
হাঁহোঁতে কোনো কোনো মানুহৰ গালত হোবা খোৰ বা পোটোকা
a dimple or depression in the cheek
- গণ্ডগোলgaṇḍagolaNoun
বহুত লোকৰ হাই; গোলমাল; হুলস্হূল
noise; confusion
- গণ্ডদেশgon.do.dexMaterial Noun
চকুৰ তলত আৰু হনুৰ ওপৰত মুখৰ দুয়ো ফাল।
either side of the face below the eye and above the jaw.
- গণ্ডপgaṇḍapaNoun
অহঙ্কাৰ কৰি কোবা কথা; বৰ-কথা; ডাংকোপ
boasting; bragging
- গণ্ডমণ্ডলgon.do.mon.dolMaterial Noun
চকুৰ তলত আৰু হনুৰ ওপৰত মুখৰ দুয়ো ফাল।
either side of the face below the eye and above the jaw.
- গণ্ডমূৰ্খgaṇḍamūrkhaNoun
অতিশয় মূৰ্খ মানুহ
a very foolish man
- গণ্ডলিকাgaṇḍalikāNoun
অহঙ্কাৰ; ডাংকোপ
boasting; bragging
- গণ্ডস্থলgon.do.stholMaterial Noun
চকুৰ তলত আৰু হনুৰ ওপৰত মুখৰ দুয়ো ফাল।
either side of the face below the eye and above the jaw.
- গণ্ডস্হলgaṇḍashalaNoun
গাল; . হাতীৰ কুম
the cheek ; the temple of the elephant
- গণ্ডাgaṇḍāNoun
এক অঁৰা; চাৰি গোট
four; counting by fours at a time