কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বহুযোগীকৰণbo.hu.jo`.gi.ko.ronVerbal Noun
একাধিক একযোগী লগ লাগি বহুযোগী উৎপন্ন কৰা ৰাসায়নিক প্ৰক্ৰিয়া বা কাৰ্য্য।
the act or process of forming a polymer or copolymer, esp a chemical reaction in which a polymer is formed.
- বহুল-পৰিমাণেAdverb
অধিক পৰিমাণে; সৰহকৈ; প্ৰচুৰৰূপে
abundantly
- বহুলভাৱেAdverb
অতি বহলকৈ সকলোবোৰ বৰ্ণনা দি (কোনো কথা কোৱা)
(describing something) in an exhaustive manner that is covering all minute details
- বহুলাংশেbo.hu.lang.xeAdverb
(সমগ্ৰ বিষয়ৰ) বেচি ভাগেই
for the most part
- বহুৰ্bahurIntransitive verb
উলটি আহ্; যেনে-"অবহু বহুৰি নাথ দৰশন দেল" (বৰগীত)।
- বহুৱাbo.hu.waCommon Noun
সাধাৰণতে চাৰ্কাছৰ সৈতে জড়িত এজন শিল্পী, যি খুহুঁতীয়া কথা আৰু অভিনয়েৰে দৰ্শকক হাঁহিৰ খোৰাক যোগায়।
A performance artist often associated with a circus and typically characterised by bright, oversized clothing, face paint who performs humorous stunts
- বহুৱালি কৰ্bo.hu.wa.li.korVerb-Trans.
to imitate somebody (not in a very good way) to make fun. (disapproving)
- বহ্bahIntransitive verb
পানী বা বতাহৰ দৰে চল্; বৈ ষা; যেনে -"সুৰভি-শীতল সুমঙ্গল বহে বাত" (দশম)।
- বহ্নিমানboh.ni.manVerbal Adj.
কোনো সোঁতত গতিশীল
in motion along a slope or gradient
- বাbāTransitive verb
হাত বা বাউসি চলাই কোনো কাম কৰ্; যেনে-জাল বা; হাল বা; . কৱদ
to do any work by the use of the hands
- বা দেba deVerb-Trans.
বিচনী বা তেনে কোনো বস্তুৰ সহায়ত গাত বতাহ লগা
to move or agitate (the air) with or as if with a fan
- বাঁওপাকেAdverb
বাঁওফাললৈ পকাই বা ঘূৰাই; আওপাকে
moving to the left or opposite side
- বাঁকোহba~.ko’hVerb-Intran.
দেহৰ কোনো পৃষ্ঠত চোকা বা খহটা বস্তুৰে ঘঁহি, মোহাৰি বা আঁচুৰি দে
to break, mar, or mark the surface of by rubbing, scraping, or tearing with something sharp or rough
- বাঁতি কৰ্ba~.ti korVerb-Trans.
পাকস্থলীৰ পৰা হজম নোহোৱা খাদ্য ওলোটাই মুখেদি বাহিৰ কৰ।
to eject the contents of the stomach through the mouth.
- বাউলী-পাকbau.li-pakVerbal Noun
অতি কম সময়ৰ বাবে কাৰোবাক দেখা কৰি ঘূৰি অহা কাৰ্য্য
the act of visiting someone for a very short period
- বাওঁ টিপাbao`~ ti.paVerb-Trans.
কম্পিউটাৰৰ মাউচৰ বাওঁ ফালৰ বুটামত দিয়া হেচা
to depress the left-hand mouse button, as to display a menu.
- বাওঁ টেপাbao`~ te.paVerb-Trans.
কম্পিউটাৰৰ মাউচৰ বাওঁ ফালৰ বুটামত দিয়া হেচা
to depress the left-hand mouse button, as to display a menu.
- বাক-চিকিৎসাbak-si.kit.saVerbal Noun
কথা কওঁতে হোৱা অসুবিধা দূৰ কৰিবলৈ কৰা চিকিৎসা৷
a therapeutic treatment to cure defects in speaking.
- বাক-বিতণ্ডা কৰ্bak-bi.ton.da korVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- বাকলি গুচাba.ko.li gu.saVerb-Intran.
যিকোনো ফল বা পাচলিৰ বাকলিখন এৰোৱাই পেলোৱা ৷
to strip off the skin or bark of a fruit or vegetable.