বহ্
bah
অৰ্থ
1.
পানী বা বতাহৰ দৰে চল্; বৈ ষা; যেনে -"সুৰভি-শীতল সুমঙ্গল বহে বাত" (দশম)।
অক. ধা.
2.
বহন কৰ; যেনে-"গোপীক বহন্ত কিনো কামাতুৰ হৰি" (কীৰ্ত্তন)
to carry
সক. ধা.
3.
গতি কৰ্ (সময়); যেনে-"বহি গৈল দিব্য বৰিষ শতেক" (কীৰ্ত্তন)
to pass
অক. ধা.
4.
আসন ল
to sit
অক. ধা.
5.
বসতি কৰ্; ঘৰ সাজি থাক্
to settle
অক. ধা.
6.
বিয়া সোমা; স্বামীৰূপে ল
to live as husband and wife; to take as husband
অক. ধা.
7.
খাল পৰ্; তললৈ সোমা
to sink; to settle
অক. ধা.
8.
লাগি ধৰ্; খাই ধৰ্
to be impressed or marked; to be fixed properly
অক. ধা.
9.
বলবৎ হ; যেনে-"তেওঁৰ কথাটোহে বহিল"
to prevail
অক. ধা.
10.
কোনো কাম কৰিবলৈ উপবেশন কৰ্; অধিবেশন কৰ্; যেনে-"মেল বহিছে"
to assemble
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ