কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধাতুবিজ্ঞানdha.tu.big.gyanAbstract Noun
ধাতু আৰু তাৰ বিভিন্ন ৰূপ, আচৰণ আদিৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ এটি শাখা৷
The science that deals with procedures used in extracting metals from their ores, purifying and alloying metals, and creating useful objects from metals.
- ধাতুমাৰীProper Noun
এবিধ আকৰত পোৱা বগা খাৰৰ গুণ থকা বস্তু, তাৰ দ্বাৰা ধাতু জনা যায়
a white, water-soluble powder or crystals, hydrated sodium borate, Na2B4O7•10H2O, occurring naturally or obtained from naturally occurring borates; tincal: used as a flux, cleansing agent, in the manufacture of glass, porcelain, and enamel, and in tanning.
- ধাতুশালdha.tu.xalMaterial Noun
কোনো কাৰিকৰৰ, বিশেষকৈ কমাৰৰ কাম কৰা ঠাই
workplace of a smith esp. a blacksmith
- ধাত্ৰীdhātrīNoun
ধাই।
- ধাত্ৰীফলdhātrīphalaNoun
আমলখি।
- ধাত্ৰীবিদ্যাdhātrībidyāNoun
ধাইৰ কাম-কাজৰ বিষয়ে শিক্ষা
midwifery
- ধাদুমীdhādumīNoun
দাবহী; লুধুমী; ধামনী; গা-ডাঙৰ
corpulent; heavy-bodied; fat
- ধানdhānaNoun
এবিধ ভিতৰত চাউল হোবা বনৰ গুটি আৰু তাৰ গছ [সাধাৰণতে ইয়াৰ তিনি জাতি-আহু, বাও আৰু শালি; এই কেইজাতিৰো আকৌ বহু উপজাতি আছে; মুঠতে
- ধান দাdhan daAbstract Noun
কোনো কাম, সিদ্ধান্ত, বা আৰোপৰ মূল বিষয় ৷
The basis or motive for an action, decision, or conviction.
- ধান-কলdhāna-kalaNoun
ধান বনা কল
rice-mill
- ধান-মাহdhāna-māhaNoun
ধান, ঘেহু আদিৰ দৰে খাদ্য-শস্য উৎপন্ন কৰা তৱণ
cereal
- ধানকলdhan.kolMaterial Noun
ধান বনা/খুন্দা কল বা মেছিন৷
a mill for grinding rice.
- ধানখেৰdhan.kherMaterial Noun
শুকান ধানৰ গা গছ
dry stalk of rice plant
- ধাননিNoun
ধানৰ খেতি থকা পথাৰ
a field of paddy
- ধাননি পথাৰdha.no.ni po.tharMaterial Noun
ধানৰ খেতি কৰা পথাৰ
a field where rice is cultivated
- ধানপতাdhan.po.taMaterial Noun
ভিতৰত চাউল নথকা ধানৰ লগতে অহা পাতল ধানৰ নষ্ট বীজ
damaged rice grains with only the outer covering and no edible grain inside
- ধানমিলdhan.milMaterial Noun
ধান বনা/খুন্দা কল বা মেছিন৷
a mill for grinding rice.
- ধানীফলNoun
ধানীফল
ধানীফল
- ধানুকীdhānukīNoun
ধনুধাৰী সেনা; যেনে-"ধনুশৰ ধৰি ধাবে ধানুকীসকল" (মা., আদিকাণ্ড)
an archer
- ধান্দাdhāndāNoun
ভাবনা; চিন্তা
anxiety