কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দন্তবিজ্ঞানAbstract Noun
দাঁতৰ চিকিৎসাৰ বিজ্ঞান
the science of treatments of the teeth.
- দন্তবিন্যাসdon.to.bi.nyaxAbstract Noun
কোনো প্ৰজাতিৰ দাঁতৰ ধৰণ, সংখ্যা আৰু সাজোন
Type, no. and arrangement of teeth in a species
- দন্তমঞ্জনdon.to.mon.jonAbstract Noun
দাঁত মাজিবলৈ দাঁতোন বা আঙুলিত লগোৱা এক পেইষ্ট বা মণ্ড
a paste which one puts on a toothbrush (or on finger) to clean the teeth
- দন্তমাৰ্জকdon.to.mar.jokMaterial Noun
a paste, powder, liquid, or other preparation for cleaning the teeth
- দন্তমাৰ্জনীdon.to.mar.jo.niMaterial Noun
দাঁত পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰকৰা সৰু বুৰুজ
a brush for cleaning teeth
- দন্তমূলMaterial Noun
দাঁত য’ত লাগি থাকে সেই মাংস পেশী৷
The firm connective tissue covered by mucous membrane that envelops the alveolar arches of the jaw and surrounds the bases of the teeth.
- দন্তস্ফুটdantasphuṭaNoun
দাঁত বহুওবা; দুৰুহ বিষয়ত বোধ।
- দন্তাবলdon.ta.bolCommon Noun
ডাঠ, প্ৰায় নোমহীন ছাল-যুক্ত, দীঘল, নমনীয়, খাদ্য সংগ্ৰহকাৰী এডাল শুঁড় থকা, ওপৰ-পাৰিৰ আগদাঁত দুটা ৰূপান্তৰিত হৈ দীঘল বেঁকা ৰূপ লোৱা, আৰু আফ্ৰিকীয় প্ৰজাতিৰ ক্ষেত্ৰত বিছনীৰ আকৃতিৰ ডাঙৰ কাণ থকা এবিধ ডাঙৰ তৃণভোজী স্তন্যপায়ী জন্তু
A very large herbivorous mammals having thick, almost hairless skin, a long, flexible, prehensile trunk, upper incisors forming long curved tusks of ivory, and, in the African species, large fan-shaped ears.
- দন্তালdantālaNoun
দঁতাল হাতী
a tusker
- দন্ত্তৰNoun
উজলা-দঁতা বা দঁতুবা মানুহ
a man with projecting teeth
- দন্দdandaNoun
কন্দল; বৰ হাই কৰি কৰা বিবাদ; কোৰ্হাল
quarrel; wrangle
- দন্দ-বান্দNoun
দন্দ-খৰিয়াল; হাই- উৰুমি
a wrangle and such things
- দন্দশূকCommon Noun
উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷
any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas.
- দন্দুৰাNoun
দন্দ কৰা স্বভাবৰ
quarrelsome
- দন্দুৰীdon.du.riCommon Noun
খঙাল, কাজিয়া কৰি ফুৰা তিৰোতা
a violent, turbulent, or brawling woman
- দন্দুৱাদ্ৰোহdon.du.wa.dro`hAbstract Noun
কামৰূপৰ হৰদত্ত বীৰদত্ত নামে দুজন বীৰে আহোম সাম্ৰাজ্যৰ প্ৰতি বিদ্ৰোহ ঘোষণা কৰিছিল যাক দন্দুৱাদ্ৰোহ আখ্যা দিয়া হৈছিল ৷ গৌৰীনাথ সিংহই বদন বৰফুকনক ভাঙি কলীয়া ভোমোৰাক গুৱাহাটীৰ বৰফুকন পাতিছিল ৷ তেওঁৰ নেতৃত্বত বীৰদত্ত পৰাজিত হৈছিল আৰু হৰদত্ত পলাই গৈছিল সন্ধ্যাঝাৰ হাবিৰ ফালে ৷
A mutiniy against Ahom kingdom by Haradutta and Biradutta.
- দন্যdon.yoAbstract Noun
ঋণাত্মক অৱশেষ হাতত থকা অৱস্থা।
the state of being in negative balance.
- দপদপনিdop.do.po.niVerbal Noun
কাৰোবাক উদ্দেশি টান বা বেয়া কথা কোৱা কাৰ্য্য।
the act of scolding someone or saying bad things about.
- দপদ্বাৰdapadbāraNoun
"দোপদৰ" চোবাঁ।
- দপনাdapanāNoun
ডকা; মঙহৰ ডাঙৰ খণ্ড; . কাঠৰ ডাঙৰ ডাঠ চেপেটা খণ্ড
a large piece of flesh ; a large flat piece of wood