কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাণ-সৰালিkāṇa-sarāliNoun
নুশুনা ভাও ধৰি মনে মনে কাণ পাতি শুনা কাৰ্য্য
act of listening in silence, though pretending not to hear
- কাণকটাkāṇakaṭāAdjective
যাক কাণ কাটি এবাৰ অপমান বা লাজ দিয়া হৈছে; নিলাজ; মান-অপমানলৈ ভয় নকৰা
having the ears slit or cut for wickedness; hence, shameless
- কাণকটা বটাkāṇakaṭā, baṭāNoun
কাণত দাঁত বা জিভাৰ নচিনাকৈ ফুল কটা বটা
a batā or tray having the edge ornamentally cut like teeth or tongues
- কাণকুৰিকাkan.ku.ri.kaCommon Noun
The Asian Pied Starling, also known as Pied Myna, is a species of starling found in South and Southeast Asia. The taxonomic position has changed with it being placed with the Sturnus in the past.(Assamese birds name source- Prantik 16 Jun 2009, article page-26)
- কাণকুৰুকীয়াkan.ku.ru.ki.yaCommon Noun
শালিকাৰ এটা প্ৰজাতি ৷ অসমত প্ৰচুৰ ৷
The pied myna or Asian pied starling (Gracupica contra) is a species of starlingfound in the Indian subcontinent and Southeast Asia.
- কাণখোবাkāṇakhobāNoun
শ্ৰীধৰ কন্দলিয়ে লিখা এখন পুথিৰ নাম [কেঁচুবা হৈ থাকোঁতে কৱষ্ণক টোপনি নিয়াবলৈ কাণ খোবা ভূতে কাণ খাব বুলি যশোদাই মিছাকৈ ভয় খুবাই নাম গোবাৰ কথা এই পুথিত আছে।]।
- কাণখোৱাkan.kho`.waProper Noun
সৰু ল’ৰা-ছোৱালীয়ে ৰাতি শোৱাৰ সময়ত যাতে কথাপাতি বা আমনি কৰি নাথাকি সোণকালে শুই থাকে,তাৰবাবে তাহাঁতক ভয় খুৱাই টোপনি অনাবলৈ নামলোৱা এক ভয়াবহ,দুৰন্ত কাল্পনিক দৈত্য৷
an imaginary dangerous demon. Its name is usually taken to frighten small children so that they go to sleep early at night without disturbing the elder.
- কাণজাগkāṇajāgaNoun
কাণ জগাই অৰ্থাৎ কাণেৰে গম লৈ শোবা অবস্হা
sleeping with the ear awake
- কাণটাহাkāṇaṭāhāNoun
গালৰ মঙহৰ ভিতৰত থকা হাড়
the cheek-bone
- কাণথিkāṇathiNoun
নাও চলোবা ব'ঠা
an oar
- কাণদুলkan.dulMaterial Noun
কাণত পিন্ধা সৰু অলঙ্কাৰ
jewelery to ornament the ear; usually clipped to the earlobe or fastened through a hole in the lobe
- কাণদুলীkan.du.liMaterial Noun
কাণত পিন্ধা সৰু অলঙ্কাৰ
jewelery to ornament the ear; usually clipped to the earlobe or fastened through a hole in the lobe
- কাণফুলkan.phulMaterial Noun
কাণত পিন্ধা সৰু অলঙ্কাৰ
jewelery to ornament the ear; usually clipped to the earlobe or fastened through a hole in the lobe
- কাণফুলীkan.phu.liMaterial Noun
কাণত পিন্ধা সৰু অলঙ্কাৰ
jewelery to ornament the ear; usually clipped to the earlobe or fastened through a hole in the lobe
- কাণলতিkan.lo.tiProper Noun
কাণৰ তলফালে ওলমি থকা অৰ্দ্ধচন্দ্ৰকাৰ মঙহাল অংশ |
The fleshy pendulous part of the external human ear.
- কাণলতি, কাণৰ লতিkāṇalati, kāṇara, latiNoun
কাণৰ ওলমি থকা তল ভাগ
the lobe of the ear
- কাণসতাkāṇasatāNoun
কাণৰ গুৰিৰ জঁট (সঁতা) বা চুলি থুপ খাই থকা ঠাই; গালৰ ওপৰ আৰু কুমৰ তলৰ ঠাই; কাণটাহা
the cheek-bone
- কাণসাৰkāṇasāraNoun
মনোযোগ কৰা; কাণপতা কাৰ্য্য
the act of paying attention to anything said
- কাণাকাণিkāṇākāṇiNoun
কণাকণি।
- কাণি-বগুলাkāṇi-bagulāNoun
কণা-মুচৰি।