কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিৰ্মূলীকৰণnir.mu.li.ko.ronAbstract Noun
সম্পূৰ্ণৰূপে ধ্বংস বা পৰাস্ত কৰা কাৰ্য্য।
the act of completely destroying or defeating.
- নিৰ্ম্মমত্বnirm.mo.mot.toAbstract Noun
মনুষ্যত্বৰ স্বাভাৱিক চৰিত্ৰৰ অভাৱজনিত অৱস্থা ৷
The act of inflict pain or suffering
- নিৰ্ম্মলnirmmalaNoun
মল-নথকা; নিকা; পৰিষ্কাৰ
free from dirt; clean
- নিৰ্ম্মলকৰণnir.mol.ko.ronAbstract Noun
কোনো বস্তুৰ পৰা লেতেৰা, ময়লা গুচাই পৰিষ্কাৰ কৰা কাম; কিবা বস্তু ধৰ্মীয় কামত ব্যৱহাৰ কৰিব পৰাকৈ উপযোগী কৰা কাম ; পৱিত্ৰ পানীত গা ধোৱাই বা মন্ত্ৰৰ সহায়েৰে কাৰোবাৰ শৰীৰ, মন বা আত্মা শুদ্ধ কৰা কাম৷
the act of making something clean by removing dirty, harmful elements;the act of making somebody pure by removing the evils from the soul.
- নিৰ্ম্মলতাnir.mo.lo.taAbstract Noun
কুমাৰী কাল বা কুমাৰী হৈ থকা অৱস্থা
state of being virgin.
- নিৰ্ম্মাণnirmmāṇaNoun
সজা বা প্ৰস্ত্তত কৰা কাৰ্য্য
the act of producing, creating or constructing
- নিৰ্ম্মাণশালাnirmmāṇaśālāNoun
কাৰখানা
factory
- নিৰ্ম্মালিnirmmāliNoun
দেবতালৈ নিবেদন কৰা ফুল, তুলসী বা মালা; গুৰুবে আশীৰ্ব্বাদ কৰি দিয়া মালা বা ফুল
a garland of flowers offered to a deity and worn on the head as a sacred thing; garland of flowers offered by a guru with blessing
- নিৰ্ম্মাল্যnirmmālyaNoun
নিৰ্ম্মালি।
- নিৰ্যাণniryāṇaNoun
ধ্বংস
destruction
- নিৰ্যাতনniryātanaNoun
পোটক; প্ৰতিহিংসা; প্ৰতিফল
revenge
- নিৰ্যাতন শিবিৰnirjaton xibirCommon Noun
অসামৰিক, ৰাজনৈতিক বন্দীক বৰ বেয়া ধৰণে ৰখা ফাটেক
a prison where political, civil prisoners are kept in very bad conditions
- নিৰ্যাতনকাৰীnir.ja.ton.ka.riCommon Noun
আনক যাতনা বা শাৰীৰিক,মানসিক কষ্ট দিয়া লোক
a person who causes sombebody to suffer, he who torments
- নিৰ্যানnir.janAbstract Noun
পাপৰ শাস্তিৰ পৰা নিবৃত্তি বা উদ্ধাৰ
Deliverance from the power or penalty of sin, redemption.
- নিৰ্যাসniryāsaNoun
ৰস; সাৰ; ; গছ, ফুল আদিৰপৰা উলিওবা বা ওলোবা ৰস।
extract
- নিৰ্য্যাতনniryyātanaNoun
পোটক; প্ৰতিহিংসা; প্ৰতিফল
revenge
- নিৰ্য্যাসniryyāsaNoun
ৰস; সাৰ; ; গছ, ফুল আদিৰপৰা উলিওবা বা ওলোবা ৰস।
extract
- নিৰ্লিপ্ততাnir.lip.to.taAbstract Noun
স্পৃহা নথকা বা গুৰুত্ব নিদিয়া।
Lack of interest or importance.
- নিৰ্লিপ্তিnir.lip.tiAbstract Noun
স্পৃহা নথকা বা গুৰুত্ব নিদিয়া।
Lack of interest or importance.
- নিৰ্লেঠাnirleṭhāNoun
লেঠা বা দায়ৰপৰা মুক্ত
free from responsibility