কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাছৰ-বছাkāchara-bachāNoun
হাতীৰ গাত গাদী বন্ধা ফই
the rope by which the pad is tied on the back of an elephant
- কাজkājaNoun
কাম; বন
work; business
- কাজ কৰমkaj ko.romAbstract Noun
যুগ-যগান্তৰৰ পৰা চলি অহা যি কোনো ধৰ্ম্মীয় বিধি বিধান৷
An established ceremony prescribed by a religion.
- কাজলkājalaNoun
অঞ্জন; চকুৰ পিৰিকতিত ঘঁহা এবিধ ৰং-; তেলৰ চাকি লগাই তাৰ ওপৰত কোনো পাত্ৰ আদি ধৰি থাকিলে তাত লাগি ধৰা ছাই
a collyrium for the eye; lamp-black
- কাজলগাঁওProper Noun
অসমৰ চিৰাং জিলাৰ সদৰ ঠাই৷
The district head quater of Chirang district Assam
- কাজলিচকীProper Noun
আহোমসকলৰ এটা অতি গুৰুত্বপূৰ্ণ সামৰিক চকি বা ঘাটি৷ গুৱাহাটীৰ পৰা ৩০ কিলো মিটাৰ পূবত৷
A very famous military outpost of Ahom kingdom 30km from Guwahati city
- কাজলিমুখProper Noun
নদীমুখ৷ ইয়াতে কলম কপিলী আৰু ডিগাৰু একত্ৰে ব্ৰহ্মপুত্ৰত পৰিছে৷
Mouth of a river. Here kalong, kapili and digaru togather meets Brahmaputra.
- কাজলীkājalīNoun
কজলাৰ স্ত্ৰী।
- কাজাখস্তানka.ja.khos.tanProper Noun
মধ্য এচিয়াৰ এখন দেশ৷ কিছু অংশ ইউৰোপত পৰিছে৷
Kazakhstan, officially the Republic of Kazakhstan, is a contiguous transcontinental country in Central Asia, part of it is in Europe.
- কাজাল্Material Noun
জুইয়ে পুৰি গুৰি কৰা বস্তু
Powdery residue left after something has been burnt
- কাজিkājiNoun
মুছলমানৰ আইনমতে বিচাৰ কৰোঁতা; মুছলমান বিচাৰক
a Mahommedan judge
- কাজি-বিৰলীkāji-biralīNoun
অলপ কজলা বৰণৰ আৰু গাত মেকুৰীৰ নিচিনা পথালি দাগ থকা এবিধ বিষহীন সাপ
a small harmless snake
- কাজিনেমুka.ji.ne.muCommon Noun
A special variety of lemon, ellipsoid in shape and found wildly in Assam
- কাজিয়াkājiẏāNoun
দন্দ; কন্দল; বিবাদ
dispute; quarrel
- কাজিয়া-পেঁচালkajiya-pe~salAbstract Noun
ৰাজনৈতিক, আৰ্থিক, সামাজিক বা ব্যক্তিগত কাৰণত শত্ৰুতা কৰা অৱস্থা বা কাৰ্য্য, সাধাৰণতে শাৰীৰিক হিংসা অবিহনে।
A state or act of enmity for political, economic, or social reasons usually without physical violence.
- কাজিৰঙাka.ji.ro.ngaProper Noun
বিশ্ববিখ্যাত অভয়াৰণ্য ৷ অসমৰ গোলাঘাট আৰু নগাঁও জিলাত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে অৱস্হিত৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত আৰু বিশ্বৰ ঐতিহ্যমণ্ডিত স্হান সমূহৰ এখন৷ পৰ্যটকৰ বাবে নৱেম্বৰৰ পৰা মাৰ্চ/এপ্ৰিললৈকে খোলা থাকে৷
located on the bank of the Brahmaputra in Assam (partly in Golaghat and partly in Nagaon Districts), Kaziranga National Park covers an area of 430 sq.kms.This is a world heritage site and is famous for the great Indian one horned rhinocerous.The park is open for tourists from November to March/April.
- কাজীkājīNoun
মুছলমানৰ আইনমতে বিচাৰ কৰোঁতা; মুছলমান বিচাৰক
a Mahommedan judge
- কাজুkājuNoun
এবিধ বাদাম-জাতীয় ফল
cashew-nut
- কাজু বাদামka.ju ba.damCommon Noun
a tree in the flowering plant family Anacardiaceae that produces kidney-shaped nuts
- কাজু-বাদামkāju-bādāmaNoun
এবিধ বাদাম-জাতীয় ফল
cashew-nut