কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- স্থাৱৰstha.worProper Adj.
যি চলনশীল নহয় বা যিটোক তাৰ স্থানৰ পৰা লৰচৰ কৰিব নোৱাৰি।
Something that is motionless or can not be moved from its place.
- স্থিতপ্ৰজ্ঞsthi.to.pro.gyoProper Adj.
যিজনে সুখ-দুখৰ সকলো সময়তে নিজৰ মনক সংযত কৰি ৰাখে বা বিষয়-বাসনা এৰি আত্মাৰ চিন্তাত মগ্ন হৈ থাকে ৷
A person who control his mind and one's feelings, behavior in any situation. Or free from desire.
- স্থিতিশীলsthi.ti.xi.lProper Adj.
একে ঠাইতে থকা বস্তু, যি লৰচৰ নকৰে বা সলনি নহয়
sth staying in the same place; not moving or changing
- স্থিতিস্থাপকsthi.ti.stha.pokProper Adj.
টানি দীঘল বা মৰিয়াই বহল কৰি এৰি দিলে নিজৰ প্ৰাৰম্ভিক অৱস্থালৈ ঘূৰি আহিব পৰা
capable of returning to its original length, shape, etc., after being stretched, deformed, compressed
- স্থিৰsthirProper Adj.
লৰচৰ বা শব্দ নকৰা
Devoid of noise or movement
- স্থিৰকৃতsthir.kri.toProper Adj.
যিটো নিশ্চয়কৈ হ’ব; বিশ্বাসযোগ্যতা, স্বভাৱ, ক্ৰিয়া আদি সম্পৰ্কে কোনো সন্দেহ নথকা
destined to happen; free from doubt as to the reliability, character, action, etc., of something
- স্থিৰব্ৰতsthir.brotProper Adj.
উদ্দেশ্যৰ ক্ষেত্ৰত কঠোৰতা বা স্থিৰতা দেখুওৱা
Showing determination or firmness of purpose
- স্থিৰসংকল্পsthiro.xong.kol.poProper Adj.
উদ্দেশ্যৰ ক্ষেত্ৰত কঠোৰতা বা স্থিৰতা দেখুওৱা
Showing determination or firmness of purpose
- স্থিৰীকৃতsthi.ri.kri.toProper Adj.
যিটো নিশ্চয়কৈ হ’ব; বিশ্বাসযোগ্যতা, স্বভাৱ, ক্ৰিয়া আদি সম্পৰ্কে কোনো সন্দেহ নথকা
destined to happen; free from doubt as to the reliability, character, action, etc., of something
- স্থূলsthulProper Adj.
গাত অতিমাত্ৰা চৰ্বী বা মাংস থকা
Having much or too much fat or flesh
- স্থূল-বুদ্ধিsthu.lo-bud.dhiProper Adj.
সকলো কাম লাহে-লাহে কৰা আৰু বুদ্ধি নথকা|
characterized by slowness and lack of intelligence.
- স্থূলকায়sthu.lo.kayProper Adj.
সচৰাচৰ আকৃতিতকৈ বহুগুণে বেছি ডাঙৰ
Of a size many times bigger than the average
- স্থূলাকৃতিsthu.la.kri.tiProper Adj.
সচৰাচৰ আকৃতিতকৈ বহুগুণে বেছি ডাঙৰ
Of a size many times bigger than the average
- স্থৈযProper Adj.
অত্যধিক অস্থিৰতা নোহোৱা বা উত্থান-পতন নোহোৱা।
without too much disturbance or ups and downs.
- স্থৱিৰstho.birProper Adj.
একে ঠাইতে থকা বস্তু, যি লৰচৰ নকৰে বা সলনি নহয়
sth staying in the same place; not moving or changing
- স্নাতsnātaAdjective
যি গা ধুইছে
one who has taken bath
- স্নাতকোত্তৰsnātakottaraAdjective
স্নাতকৰ পৰবৰ্ত্তী অধ্যয়ন
post- graduate
- স্নাতাsna.taVerbal Adj.
যি গা ধুই উঠিছে
one who has taken a bath
- স্নানীয়Adjective
গা ধূবলৈ লগা; স্নাৰ নিমিত্তে আবশ্যকীয়
necessary for bathing; ablutionary
- স্নায়বিকsnāẏabikaAdjective
স্নায়ু বা গাৰ সিৰ-সম্বন্ধীয়; যেনে-"স্নায়বিক দুৰ্ব্বলতা"
nervous; nervine