কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সক্ৰিয় কৰ্xo.kri.yo korVerb-Trans.
অচল অৱস্থাৰ পৰা সচল বা চলন্ত অৱস্থালৈ আন ৷
Put in motion or move to act.
- সক্ৰিয়কৰণxo.kri.yo.ko.ronVerbal Noun
কাৰ্যক্ষম কৰি তোলা কাৰ্য ।
the act of rendering a machine or an organization operational
- সক্ৰিয়ভাৱেAdverb
Working or participating in an active manner
- সগৌৰৱেxo.gou.ro.beAdverb
গৌৰৱ সহকাৰে বা গৌৰৱ অনুভৱ কৰি।
with the feeling of satisfaction and pride.
- সগৰ্ভা হxo.gor.bha hoVerb-Intran.
To become pregnant (with)
- সঘনাইxo.gho.naiAdverb
কম সময়ৰ ভিতৰত বাৰে বাৰে হৈ বা ঘটি
occurring repeatedly in a short span of time
- সঘনেxo.gho.neAdverb
কম সময়ৰ ভিতৰত বাৰে বাৰে হৈ বা ঘটি
occurring repeatedly in a short span of time
- সঙ্কলনxong.ko.lonVerbal Noun
বিভিন্ন লিখনি বা অন্য প্ৰকাশযোগ্য বস্তু সংগ্ৰহ কৰি যুগুত কৰা কিতাপ আদি
A book etc. produced by collecting materials, articles, etc.
- সঙ্কল্saṅkalTransitive verb
ত্যাগ কৰা; য়েনে-"একপাত শৰে বালী সঙ্কলিলা জীব" (কীৰ্ত্তন)।
- সঙ্কোচনxong.ko`.sonVerbal Noun
হাঁড়ৰ জোৰা বা হাত-ভৰি কোঁচোৱা কাৰ্য্য
the act of bending a joint or limb
- সঙ্গমxong.gomAbstract Noun
দুই বা ততোধিক সত্ত্বা একেলগ হোৱা বা এক হোৱা৷
The act of two or more bodies coming together and becoming one.
- সঙ্গী হxong.gi hoVerb-Trans.
লগত একেলগে যা বা একে যাত্ৰাৰ পথিক হ
to go along or in company with
- সচেতনেxo.se.to.neAdverb
মনোযোগ দি বা বিশেষভাৱে যত্ন লৈ৷
taking care or paying attention.
- সচেতেxo.se.teAdverb
মনোযোগ দি বা বিশেষভাৱে যত্ন লৈ৷
taking care or paying attention.
- সচেষ্ট হxo.ses.to.hoVerb-Intran.
(কোনো কথা সম্পৰ্কে) চেতনা ওপজ্ বা সচেতন হ
to become conscious about (something)
- সচৰাচৰsacarācaraAdverb
সাধাৰণতঃ; প্ৰায়েই।
- সজ কৰxoj korVerb-Intran.
অধিক সংশোধন কৰ।
to improve an idea, method, system, etc. by making small changes.
- সজলxo.jolProper Adj.
চকুপানীৰে ভৰা (চকু)
(eyes) full of tears for an expressed unhappy event
- সজাsajāTransitive verb
আন লোকৰ দ্বাৰা নিৰ্ম্মাণ কৰা; তৈয়াৰ কৰা
to cause to be eonstructed
- সজাই-পৰাইxo.jai-po.raiAdverb
ভালকৈ সাজ-পাৰ আৰু আ-অলঙ্কাৰ পিন্ধাই
dressing and decorating properly