কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দায়িত্ব দেda.yit.two deVerb-Trans.
কাৰোবাৰ ওপৰত কোনো কামৰ দায়িত্ব দিয়া।
To specify tasks or duties.
- দায়িত্ব ন্যস্ত কৰ্da.yit.two nyos.to korVerb-Trans.
কাৰোবাৰ ওপৰত কোনো কামৰ দায়িত্ব দিয়া।
To specify tasks or duties.
- দাৰ্dārTransitive verb
বিদাৰণ কৰ্; ধ্বংস কৰ্।
- দিdiTransitive verb
দান কৰ্; সমৰ্পণ কৰ্
to give; to offer
- দিকদৰ্শনdik.dor.xonVerbal Noun
বিশেষ কামত খাপ খাব পৰাকৈ যোগ্য কৰি দিয়া প্ৰশিক্ষণ৷
an introduction, as to guide one in adjusting to new surroundings, employment, activity
- দিকবলনVerbal Noun
বিশেষ কামত খাপ খাব পৰাকৈ যোগ্য কৰি দিয়া প্ৰশিক্ষণ৷
an introduction, as to guide one in adjusting to new surroundings, employment, activity
- দিক্dikTransitive verb
পোন আঁক টান্
to draw lines; to aule
- দিগদাৰি কৰ্dig.da.ri korVerb-Trans.
কাৰোবাৰ কামত বাৰম্বাৰ বাধা জন্মাই শান্তি ভংগ কৰ্
to break the rest, calm or quiet by repeatedly interfering one`s actions
- দিগভ্ৰমdig.bhromVerbal Noun
দিশ, অৱস্থান বা চাৰিওকাষৰ সৈতে সম্পৰ্ক সম্বন্ধে চেতনা হেৰুওৱা অৱস্থা।
Loss of one`s sense of direction, position, or relationship with one`s surroundings.
- দিগভ্ৰান্তdig.bhran.toVerbal Adj.
দিশ সম্পৰ্কে ভ্ৰম হোৱা অৰ্থাত্ একো ঠাৱৰ কৰিব নোৱাৰা অৱস্থা হোৱা
confused about direction
- দিন দূপৰতেAdverb
দিন হৈ থাকোঁতেই
in broad daylight
- দিন-ডকাইতিdin-do.ka.itiVerbal Noun
দিনতে বাটে-ঘাটে সা-সম্পত্তি আদি কাঢ়ি নিয়া কাৰ্য্য৷
Robbery of travelers on or near a public road.
- দিন-ৰাতিdin-ratiAdverb
এটা সম্পূৰ্ণ দিন আৰু ৰাতি
a whole day and night.
- দিন-ৰাত্ৰিdin-rat.riAdverb
এটা সম্পূৰ্ণ দিন আৰু ৰাতি
a whole day and night.
- দিনক দিনেAdverb
দিনে দিনে। দিনে।
- দিনটীয়াকৈdin.ti.ya.koiAdverb
দিনটোৰ কাৰণে অথবা দিনটোৰ ভিতৰতে সমাপ্ত হোৱাকৈ
for the day or so as to finish within a day
- দিনতীয়াAdverb
সাধাৰণতে সঘনাই ঘটি থকা অৰ্থত ব্যৱহাৰ হয়|
Found in the ordinary course of events; as if it happens regularly.
- দিনমানAdverb
গোটেই দিনটো।
- দিনেdineAdverb
এদিনত; প্ৰত্যেক দিনত
per diem; for each day
- দিনে-দিনেdi.ne-di.neAdverb
সাধাৰণতে সঘনাই ঘটি থকা অৰ্থত ব্যৱহাৰ হয়|
Found in the ordinary course of events; as if it happens regularly.